১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 09th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।প্রধানমন্ত্রীয়ে ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব
February 12th, 06:10 pm
ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৪ ফেব্রুৱাৰীত তামিলনাডু আৰু কেৰালা ভ্ৰমণ কৰিব। তেওঁ পুৱা ১১টা ১৫ মিনিটত চেন্নাইত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব আৰু সেনাবাহিনীৰ হাতত অর্জুন মেইন বেটেল টেঙ্ক (এমকে -১এ)তুলি দিব। শ্রী মোদীয়ে, বিয়লি ৩টা ৩০ মিনিটত কোচিত জাতিৰ উদ্দেশ্যে এলানি প্রকল্প উদ্বোধন আৰু শিলান্যাস কৰিব। এই প্রকল্পবিলাকে সংশ্লিষ্ট ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিব আৰু উন্নয়নৰ সম্ভাৱনাক বাস্তবায়িত কৰিব।