মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

মুম্বাইত অভিজাত মাৰাঠী ভাষা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 05th, 07:05 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে জী, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাৱীছ জী, অজিত পাৱাৰ জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী, বহু প্ৰজন্মত নিজৰ গায়কীৰে পৰিচয় দাঙি ধৰা আশাতাই জী, সুপৰিচিত অভিনেতা ভাই শচীন জী, নামদেৱ কম্বলে জী, সদানন্দ ম’ৰে জী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী ভাই দীপক জী, মংগলপ্ৰভাত লোধা জী, বিজেপি মুম্বাইৰ সভাপতি ভাই আশীষ জী, অন্যান্য বিশিষ্ট ভাই-ভনীসকল!

মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

মহাৰাষ্ট্ৰৰ মুম্বাইত অভিজাত মাৰাঠী ভাষাৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 05th, 07:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিজাত মাৰাঠী ভাষাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে ভাষণত তেওঁ কয় যে মাৰাঠী ভাষাক কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে এই মুহূৰ্তৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাৰাঠী ভাষাৰ ইতিহাসৰ এক সোণালী মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ মাৰাঠী ভাষী লোকসকলৰ দীৰ্ঘদিনীয়া আকাংক্ষাক স্বীকাৰ কৰি মহাৰাষ্ট্ৰৰ সপোন পূৰণৰ দিশত অৰিহণা যোগোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনোৱাৰ লগতে এই ঐতিহাসিক সাফল্যৰ অংশ হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰীয়ে বাংলা, পালি, প্ৰাকৃত, আৰু অসমীয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা বুলি ঘোষণা কৰি এই ভাষাসমূহৰ সৈতে জড়িত লোকসকলক অভিনন্দন জ্ঞাপন কৰে।

মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন

মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন

October 03rd, 09:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ গভীৰ আৰু প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপে কাম কৰে, যি প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাইলৰ খুঁটিসমূহৰ সাৰমৰ্ম উপস্থাপন কৰে।