পোহাৰাদেৱীৰ ‘বনজাৰা বিৰাসত সংগ্ৰহালয়’ বনজাৰা সংস্কৃতি উদযাপনৰ এক প্ৰশংসনীয় প্ৰয়াস: প্ৰধানমন্ত্ৰী

October 05th, 04:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোহাৰাদেৱীৰ ‘বনজাৰা বিৰাসত সংগ্ৰহালয়’ উদ্বোধন কৰে। তেওঁ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি উৎসাহী সকলোকে সংগ্ৰহালয়টো পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 04th, 05:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। তেওঁ ৱাছিমলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত পহাৰাদেৱীৰ জগদম্বা মাতা মন্দিৰ দৰ্শন কৰিব। ৱাছিমৰ সন্ত সেৱালাল মহাৰাজ আৰু সন্ত ৰামৰাও মহাৰাজৰ সমাধিস্থলত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বঞ্জাৰা জনগোষ্ঠীৰ চহকী ঐতিহ্যক উদযাপন কৰি বঞ্জাৰা ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত কেইবাটাও পদক্ষেপ আৰম্ভ কৰিব। বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত বিকেচি মেট্ৰ’ ষ্টেচনৰ পৰা বিকেচিৰ আআৰু মুম্বাইৰ আৰে জেভিএলআৰলৈ চলিবলগীয়া মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰিব। বিকেচি আৰু চাণ্টাক্ৰুজ ষ্টেচনৰ মাজত মেট্ৰ’ত যাত্ৰাও গ্ৰহণ কৰিব।