ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইনৰ যুটীয়া ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
March 18th, 05:10 pm
আজি ভাৰত-বাংলাদেশ সম্পৰ্কৰ ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হৈছে। ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন-২০১৮ চনৰ ছেপ্টেম্বৰত আমি ইয়াৰ ভেটি স্থাপন কৰিছিলোঁ। আৰু মই সুখী যে আজি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ইয়াক উদ্বোধন কৰাৰ সুযোগ লাভ কৰিছোঁ।ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই
March 18th, 05:05 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি ভাৰ্চুৱেলী যুটীয়াভাৱে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন(আইপিএফপি) উদ্বোধন কৰে৷ ২০১৮ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰী এই পাইপলাইৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ নুমলীগড় শোধনাগাৰ লিমিটেডে ২০১৫ চনৰ পৰা বাংলাদেশলৈ পেট্ৰ’লিয়ামজাত সামগ্ৰী যোগান ধৰি আহিছে৷ ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন৷বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 27th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণৰ দ্বিতীয় দিনা টুংগিপাৰাৰ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰৰ মুৰব্বীৰ ভ্ৰমণকালত বংগবন্ধুৰ সমাধিস্থলত এয়া প্ৰথম শ্ৰদ্ধাঞ্জলি নিবেদন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঐতিহাসিক ঘটনাৰ স্মৰণত বকুল গছৰ পুলি ৰোপণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা তেওঁৰ ভগ্নী শ্বেখ ৰেহানাও উপস্থিত আছিল।