বান্দিপুৰ আৰু মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণৰ কিছু তথ্য সকলোৰে সৈতে ভাগ বতৰা কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 09th, 10:31 pm

বান্দিপুৰ আৰু মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণৰ কিছু তথ্য সকলোৰে সৈতে ভাগ বতৰা কৰিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ সকলো বন বিষয়া, সুৰক্ষাকৰ্মী, বাঘ সংৰক্ষণৰ সৈতে জড়িত আগশাৰীৰ কৰ্মচাৰী আৰু বাঘ সংৰক্ষণৰ ওপৰত কাম কৰা আন সকলোৰে কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে।

Highlights of PM Modi’s Southern Sojourn to Telangana, Tamil Nadu and Karnataka

April 09th, 05:53 pm

PM Modi’s Southern Sojourn encompassed an action-packed tour of the three states of Telangana, Tamil Nadu, and Karnataka. He inaugurated and laid foundation stones for various projects across sectors of infrastructure, tourism, and health among others totalling about Rs. 19,000 crores. A special highlight of this trip is PM’s visit to the Bandipur and Mudumalai wildlife sanctuaries to commemorate the 50th anniversary of “Project Tiger”.

প্ৰধানমন্ত্ৰীয়ে বান্দিপুৰ আৰু মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে

April 09th, 02:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক আৰু তামিলনাডুত বান্দিপুৰ তথা মুদুমলাই টাইগাৰ ৰিজাৰ্ভ ভ্ৰমণ কৰে। তেওঁ মুদুমলাই টাইগাৰ ৰিজাৰ্ভত থেপ্পাকডু হাতী কেম্পো ভ্ৰমণ কৰে, য'ত তেওঁ মাউত আৰু কাৱাড়িসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু হাতীক খাদ্য খুৱায় । প্ৰধানমন্ত্ৰীয়ে অস্কাৰ বিজেতা বৃত্তচিত্ৰ, দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছত দেখুওৱা হাতী পালকৰ সৈতে বাৰ্তালাপো কৰে।

মাইসূৰুত ব্যঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্য বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 09th, 01:00 pm

প্ৰথমতে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। কাৰণ মই পুৱা ৬ বজাতে ওলাই গৈছিলো, মই ভাবিছিলো যে মই সময়মতেই অৰণ্য পৰিদৰ্শন কৰি ঘূৰি আহিব পাৰিম। পিচে, মই উভতি আহোতে ১ ঘণ্টা পলম কৰিলো। এইখিনি সময় অপেক্ষা কৰি থাকিবলগীয়া হোৱা বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। মোৰ কব খোজা কথাটো হ'ল, আমি আগতে বাঘৰ যি সংখ্যা স্পৰ্শ কৰিছিলো, আমি দেখিবলৈ পাইছো, আমাৰ বাঘৰ পৰিয়াল সম্প্ৰসাৰিত হৈছে, সেয়ে, ই আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। মই আপোনালোক সকলোকে আমাৰ বাঘৰ এই পৰিয়ালকেইটাৰ সন্মানাৰ্থে সকলোকে নিজ নিজ স্থানতে থিয় হৈ অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। ধন্যবাদ!

কৰ্ণাটকৰ মহীশূৰত ‘ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

April 09th, 12:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ মহীশূৰৰ মহীশূৰ বিশ্ববিদ্যালয়ত 'ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ পূৰ্তি অনুষ্ঠান' উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (আইবিচিএ)ৰ শুভাৰম্ভ কৰে। তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ লক্ষ্য', ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়নৰ পঞ্চম চক্ৰৰ এক সাৰাংশ প্ৰতিবেদন-এইসমূহ পুস্তিকা মুকলি কৰাৰ লগতে বাঘৰ সংখ্যা ঘোষণা কৰে আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে। তেওঁ প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে।

বিদ্যুস্পৃষ্ট হাতীৰ জীৱন ৰক্ষা কৰাৰ বাবে বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

February 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদ্যুস্পৃষ্ট হাতীৰ জীৱন ৰক্ষা কৰাৰ বাবে বান্দীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ কৰ্মচাৰীক প্ৰশংসা কৰি কয় যে আমাৰ মানুহৰ মাজত এনেধৰণৰ সহানুভূতি প্ৰশংসনীয়৷