
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।
এআইআইএত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 29th, 01:28 pm
এই অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, শ্ৰী জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া, মনসুখ মাণ্ডবিয়া ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, শ্ৰীমতী অনুপ্ৰিয়া পেটেল ডাঙৰীয়াণী আৰু শোভা কাৰাণ্ডলাজে ডাঙৰীয়াণী, এই অঞ্চলৰ মোৰ সতীৰ্থ সাংসদ, শ্ৰী ৰামবীৰ সিং বিধুৰি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰপৰা ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰা সন্মানীয় ৰাজ্যপালসকল, সন্মানীয় মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় প্ৰতিনিধি, চিকিৎসক, আয়ুৰ্বেদ আৰু আয়ুষৰ চিকিৎসক তথা দেশৰ ভিন্ন প্ৰান্তৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীসকল... স্বাস্থ্য ব্যৱস্থাৰ সৈতে জড়িত ভাই-ভনীসকল, সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ সকলো চিকিৎসক আৰু কৰ্মচাৰী, ভদ্ৰলোক আৰু মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ১২,৮৫০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে
October 29th, 01:00 pm
ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)ত প্ৰায় ১২,৮৫০ কোটি টকাৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা উন্মোচনেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 25th, 04:31 pm
প্ৰথমেই আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ! আজি ভাৰত আৰু ভাৰতীয়তাৰ প্ৰতি বিশ্বাস ৰখা লক্ষ-লক্ষ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰাৰ দিন। মহামান্য মদন মোহন মালৱীয় জীৰ জন্ম বাৰ্ষিকী। আজি অটল জীৰ জন্ম বাৰ্ষিকীও। এই পবিত্ৰ উপলক্ষত মহামান্য মালৱীয় জীৰ চৰণত প্ৰণাম জনাই অটল জীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল জীৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। সুশাসন দিৱসত সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিলোঁ।১৬২ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে ‘পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা’ উন্মোচন কৰে
December 25th, 04:30 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জনাই সম্বোধনৰ আৰম্ভণি কৰে। আজি অটল জয়ন্তী আৰু মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ জয়ন্তী উপলক্ষে আজিৰ এই অনুষ্ঠান ভাৰত আৰু ভাৰতীয়ত্বত বিশ্বাসী লোকসকলৰ বাবে প্ৰেৰণাৰ উৎসৱ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে মহামান্য পণ্ডিত মদন মোহন মালৱীয় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপায়ীক প্ৰণাম কৰে। লগতে তেখেতে অটল জয়ন্তী উপলক্ষে সুশাসন দিৱস উদযাপনৰ কথা উল্লেখেৰে ভাৰতৰ প্ৰতিজন নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।আয়ুষ্মান ভৱ অভিযানলৈ ব্যাপক সঁহাৰিক শলাগ প্ৰধানমন্ত্ৰীৰ
October 16th, 09:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অংগদান অভিযানৰ সফলতাক শলাগ লয়। আয়ুষ্মান ভৱ অভিযানৰ অধীনত ৮০,০০০ ৰোধিক লোকে নিজৰ অংগদানৰ অংগীকাৰ কৰিছে।