
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।PM Modi meets with the President of the Republic of Mauritius
March 11th, 04:01 pm
PM Modi, during his visit to Mauritius, met with President Dharambeer Gokhool at the State House, reaffirming the strong India-Mauritius ties. He handed over OCI cards to the President and First Lady as a special gesture. He also visited the Ayurveda Garden, highlighting cooperation in traditional medicine. President Gokhool hosted a State lunch in his honor.‘বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান’ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 23rd, 06:11 pm
ভাইসকল, ভগৱান মাতংগেশ্বৰ ভগৱান কী জয় ব’লো, বাগেশ্বৰ ধাম কী জয়, জটাশংকৰ ধাম কী জয়, আপোনাসৱক মোৰ তৰফৰ পৰা দুই হাতযোৰ কৰি ৰাম-ৰাম জনাইছোঁ। অনুষ্ঠানটোত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, ‘জগত গুৰু’ পূজ্য ৰামভদ্ৰাচাৰ্য জী, ‘বাগেশ্বৰ ধাম’ৰ ‘পীঠাধীশ্বৰ’ শ্ৰীধীৰেন্দ্ৰ শাস্ত্ৰী জী, ‘সাধ্বী’ ৰীতাম্ভৰা জী, স্বামী চিদানন্দ সৰস্বতী, মহন্ত শ্ৰী বালক যোগেশ্বৰদাস জী, এই অঞ্চলৰ সাংসদ বিষ্ণুদেৱ শৰ্মা জী আৰু অন্যান্য বিশিষ্ট ব্যক্তি তথা প্ৰিয় ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে
February 23rd, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ গঢ়া গাঁৱত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। তেওঁ কয় যে ইমান কম সময়ৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বুণ্ডেলখণ্ডলৈ অহাটো তেওঁৰ সৌভাগ্য। তেওঁ কয় যে আধ্যাত্মিক কেন্দ্ৰ বাগেশ্বৰ ধাম অতি সোনকালে আৰোগ্য কেন্দ্ৰও হ’ব। তেওঁ কয় যে বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্চ ইনষ্টিটিউট ১০ একৰ এলেকাত নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম পৰ্যায়ত ১০০খন বিছনাযুক্ত সুবিধা সাজু হ’ব। তেওঁ এই সৎ কামৰ বাবে শ্ৰী ধীৰেন্দ্ৰ শাস্ত্ৰীক অভিনন্দন জনায় আৰু বুণ্ডেলখণ্ডৰ ৰাইজক শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধনেৰে সমবেতসকলক সম্বোধন কৰে
February 21st, 05:00 pm
আজি দিল্লীত মাৰাঠী ভাষাৰ প্ৰতি উৎসৰ্গিত এই সন্মানীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কেৱল এটা ভাষা বা ৰাজ্যতে সীমাবদ্ধ নহয়। মাৰাঠী সাহিত্যৰ এই সন্মিলনে স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্ম, লগতে মহাৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্যক বহন কৰে। জ্ঞানেশ্বৰ আৰু টুকাৰামৰ মাৰাঠী ভাষাক আজি ৰাজধানী দিল্লীত সম্পূৰ্ণ অন্তৰেৰে সন্মান জনোৱা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে
February 21st, 04:30 pm
আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ নতুন দিল্লীত আয়োজিত মাৰাঠী ভাষাৰ বৃহৎ অনুষ্ঠানত সকলো মাৰাঠীক আদৰণি জনায়। অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন কোনো ভাষা বা অঞ্চলত সীমাবদ্ধ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সন্মিলনত স্বাধীনতা সংগ্ৰামৰ সাৰমৰ্মৰ লগতে মহাৰাষ্ট্ৰ আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যও সন্নিবিষ্ট কৰা হৈছে। ১৮৭৮ চনৰ পৰা এতিয়ালৈকে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলনখনে ১৪৭ বছৰীয়া ভাৰতৰ যাত্ৰাৰ সাক্ষী হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী মহাদেৱ গোবিন্দ ৰানাদে, শ্ৰী হৰি নাৰায়ণ আপ্তে, শ্ৰী মাধৱ শ্ৰীহৰি আনে, শ্ৰী শিৱৰাম পাৰাঞ্জপে, শ্ৰীযুত বীৰ সাৱৰকৰৰ দৰে বহু দীক্ষিত ব্যক্তিয়ে সন্মিলনৰ সভাপতিত্ব কৰিছিল। এই গৌৰৱময় পৰম্পৰাৰ অংশ হ’বলৈ শ্ৰী শৰদ পাৱাৰে আমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এই অনুষ্ঠানৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বৰ সকলো মাৰাঠী অনুৰাগীলৈ অভিনন্দন জ্ঞাপন কৰে। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাৰাঠী ভাষাৰ কথা ভাবিলে সন্ত জ্ঞানেশ্বৰৰ পদ্যৰ কথা মনত পেলোৱাটো একেবাৰে স্বাভাৱিক। সন্ত জ্ঞানেশ্বৰৰ এটা পদ্য আবৃত্তি কৰি শ্ৰী মোদীয়ে বুজাই দিয়ে যে মাৰাঠী ভাষা অমৃততকৈও মধুৰ আৰু সেয়েহে মাৰাঠী ভাষা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম আৰু স্নেহ অপৰিসীম। মাৰাঠী পণ্ডিতসকলৰ দৰে পাকৈত নহ’লেও প্ৰধানমন্ত্ৰীয়ে বিনম্ৰতাৰে কয় যে তেওঁ সদায় মাৰাঠী শিকিবলৈ অহৰহ প্ৰচেষ্টা চলাই আহিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনখন উল্লেখযোগ্য সময়ত অনুষ্ঠিত হৈছিল যেতিয়া দেশে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰীয়া জয়ন্তী, পুণ্যশ্ৰক অহিল্যবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী আৰু বাবাছাহেব আম্বেদকাৰৰ প্ৰচেষ্টাত সৃষ্টি হোৱা আমাৰ সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তীৰ সাক্ষী হৈছে। এশ বছৰ পূৰ্বে এজন বিশিষ্ট মাৰাঠী ব্যক্তিয়ে মহাৰাষ্ট্ৰৰ মাটিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বীজ ৰোপণ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আজি ই শতবাৰ্ষিকী উদযাপন কৰি এক বিশাল গছত পৰিণত হৈছে। তেওঁ জোৰ দি কয় যে বিগত ১০০ বছৰে আৰ এছ এছে নিজৰ সাংস্কৃতিক প্ৰচেষ্টাৰ জৰিয়তে বেদৰ পৰা বিবেকানন্দলৈকে ভাৰতৰ মহান পৰম্পৰা আৰু সংস্কৃতিক নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ গৈছে। তেওঁ উল্লেখ কৰে যে আন লাখ লাখ লোকৰ সৈতে তেওঁৰ সৌভাগ্য হৈছে যে আৰ এছ এছৰ দ্বাৰা দেশৰ বাবে জীয়াই থাকিবলৈ অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে এই কথাও স্বীকাৰ কৰে যে আৰ এছ এছৰ জৰিয়তেহে তেওঁ মাৰাঠী ভাষা আৰু পৰম্পৰাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছিল। তেওঁ আলোকপাত কৰে যে কেইমাহমানৰ আগতে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল, যাৰ বাবে ভাৰত আৰু বিশ্বৰ ১২ কোটিৰো অধিক মাৰাঠী ভাষীয়ে এই স্বীকৃতিৰ বাবে দশক দশক ধৰি অপেক্ষা কৰি আছিল। এই কামটো সম্পন্ন কৰাৰ সুযোগ পোৱাটো তেওঁ জীৱনৰ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰিছে।“ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয় বৰঞ্চ আমাৰ সংস্কৃতিৰ বাহক”, প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰে। তেওঁ উল্লেখ কৰে যে ভাষাসমূহ সমাজত জন্ম লোৱাৰ বিপৰীতে ইয়াক গঢ় দিয়াতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ আলোকপাত কৰে যে মাৰাঠীয়ে মহাৰাষ্ট্ৰ আৰু দেশৰ বহু ব্যক্তিৰ চিন্তাধাৰাক প্ৰকাশ কৰিছে, আমাৰ সাংস্কৃতিক বিকাশত অৰিহণা যোগাইছে। মাৰাঠী ভাষাৰ গুৰুত্ব সন্দৰ্ভত সমৰ্থ ৰামদাস জীৰ কথাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “মাৰাঠী হৈছে এক সম্পূৰ্ণ ভাষা, য’ত শৌৰ্য্য, সৌন্দৰ্য্য, সংবেদনশীলতা, সমতা, সমন্বয়, আধ্যাত্মিকতা, আৰু আধুনিকতা সন্নিবিষ্ট কৰা হৈছে”। তেওঁ উল্লেখ কৰে যে মাৰাঠীত ভক্তি, শক্তি, বুদ্ধি আদি অন্তৰ্ভুক্ত। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া ভাৰতত আধ্যাত্মিক শক্তিৰ প্ৰয়োজন হৈছিল তেতিয়া মহাৰাষ্ট্ৰৰ মহান সন্তসকলে ঋষিসকলৰ জ্ঞানক মাৰাঠী ভাষাত সুলভ কৰি তুলিছিল। তেওঁ মাৰাঠী ভাষাত ভক্তি আন্দোলনৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই দিয়া সন্ত জ্ঞানেশ্বৰ, সন্ত টুকাৰম, সন্ত ৰামদাস, সন্ত নামদেৱ, সন্ত টুকদোজী মহাৰাজ, গডজে বাবা, গোৰা কুম্ভৰ, আৰু বাহিনাবাইৰ অৱদানক স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে আধুনিক যুগত শ্ৰী গজানন দিগম্বৰ মাদগুলকাৰ আৰু শ্ৰী সুধীৰ ফাডকেৰ গীত ৰামায়ণৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। যুগ যুগ ধৰি চলি থকা অত্যাচাৰৰ সময়ত মাৰাঠী ভাষা আগ্ৰাসীৰ পৰা মুক্তিৰ ঘোষণাত পৰিণত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ছাত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ, বাজীৰাও পেশ্বৱাৰ দৰে মাৰাঠা যোদ্ধাসকলৰ শত্ৰুপক্ষৰ তীব্ৰ বিৰোধিতা কৰা বীৰত্বৰ কথা উল্লেখ কৰে। তেওঁ লক্ষ্য কৰে যে স্বাধীনতা সংগ্ৰামত বাসুদেৱ বলৱন্ত ফাডকে, লোকমান্য তিলক, বীৰ সাৱৰকাৰৰ দৰে সংগ্ৰামীয়ে ইংৰাজক বিঘ্নিত কৰিছিল। তেওঁলোকৰ অৱদানত মাৰাঠী ভাষা আৰু সাহিত্যৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰি কয় যে কেছাৰী আৰু মাৰাঠাৰ দৰে বাতৰি কাকত, কবি গোবিন্দগ্ৰজৰ শক্তিশালী কবিতা, ৰাম গণেশ গডকাৰীৰ নাটসমূহে জাতীয়তাবাদৰ মনোভাৱক লালন-পালন কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে লোকমান্য তিলক মাৰাঠী ভাষাত গীতা ৰহস্য ৰচনা কৰিছিল, যিয়ে সমগ্ৰ দেশতে নতুন শক্তিৰ সঞ্চাৰ কৰিছিল। “মাৰাঠী ভাষা আৰু সাহিত্যই সমাজৰ নিপীড়িত আৰু বঞ্চিত শ্ৰেণীৰ বাবে সামাজিক মুক্তিৰ দুৱাৰ মুকলি কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে। তেওঁ জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, মহৰ্ষি কাৰ্ৱে, বাবাছাহেব আম্বেদকাৰ আদি মহান সমাজ সংস্কাৰকসকলৰ অৱদানৰ কথা উল্লেখ কৰে, যিসকলে মাৰাঠী ভাষাত নতুন যুগৰ চিন্তাধাৰাক লালন-পালন কৰিছিল। তেওঁ উল্লেখ কৰে যে মাৰাঠী ভাষাই দেশখনক চহকী দলিত সাহিত্য প্ৰদান কৰিছে। তেওঁ জোৰ দি কয় যে আধুনিক চিন্তাধাৰাৰ বাবেই মাৰাঠী সাহিত্যই কল্পবিজ্ঞানো উৎপন্ন কৰিছে। আয়ুৰ্বেদ, বিজ্ঞান, আৰু যুক্তিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ব্যতিক্ৰমী অৱদানক স্বীকাৰ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সংস্কৃতিয়ে সদায় নতুন ধাৰণা আৰু প্ৰতিভাক আমন্ত্ৰণ জনাই আহিছে, যাৰ ফলত মহাৰাষ্ট্ৰৰ অগ্ৰগতি হৈছে। তেওঁ মন্তব্য কৰে যে মুম্বাই কেৱল মহাৰাষ্ট্ৰৰ নহয়, সমগ্ৰ দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মুম্বাইৰ কথা কওঁতে ছবিৰ কথা নক’লে সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰিব নোৱাৰি। তেওঁ আলোকপাত কৰে যে মহাৰাষ্ট্ৰ আৰু মুম্বাইয়েই মাৰাঠী ছবি আৰু হিন্দী চিনেমা দুয়োটাকে উন্নীত কৰিছে। তেওঁ শিৱাজী সাৱন্তৰ মাৰাঠী উপন্যাসৰ জৰিয়তে সম্ভাজী মহাৰাজৰ বীৰত্বৰ পৰিচয় দিয়া ‘ছাৱ’ চিনেমাখনৰ বৰ্তমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে।India is a living land with a vibrant culture: PM Modi at inauguration of Sri Sri Radha Madanmohanji Temple in Navi Mumbai
January 15th, 04:00 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.PM Modi inaugurates the Sri Sri Radha Madanmohanji Temple of ISKCON in Navi Mumbai
January 15th, 03:30 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 05th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ মূল লক্ষ্য হৈছে আঞ্চলিক সংযোগ উন্নত কৰা আৰু মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে নমো ভাৰত ৰে’লত চাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ যাত্ৰা কৰে।৫ জানুৱাৰীত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 04th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১২:১৫ বজাত দিল্লীত ১২,২০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১১:১৫ বজাত সাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে’লতো যাত্ৰা গ্ৰহণ কৰিব।সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.India's journey over the past decade has been one of scale, speed and sustainability: PM Modi in Guyana
November 22nd, 03:02 am
PM Modi addressed the Indian community in Georgetown, Guyana, thanking President Dr. Irfaan Ali for the warm welcome and hospitality. He highlighted planting a tree as part of the Ek Ped Maa ke Naam initiative and received Guyana's highest national honor, dedicating it to 1.4 billion Indians and the Indo-Guyanese community. Reflecting on his earlier visit, he praised the enduring bond between India and Guyana.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গায়ানাৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে
November 22nd, 03:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গায়ানাৰ জৰ্জটাউনত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে। অনুষ্ঠানত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক ফিলিপছ, উপ-ৰাষ্ট্ৰপতি ভৰত জগদেও, প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ৰামোটাও উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু দেশখনত উপস্থিত হোৱাৰ সময়ত তেওঁক বিশেষভাৱে আদৰণি জনোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আতিথ্যৰ মনোভাৱ আমাৰ সংস্কৃতিৰ কেন্দ্ৰবিন্দু বুলি শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰৰ এজোপা গছ মাৰ নামত উদ্যমৰ অংশ হিচাপে তেওঁ ৰাষ্ট্ৰপতি আৰু আইতাকৰ সৈতে গছ ৰোপণ কৰে। এই মুহূৰ্তক আৱেগিক বুলি অভিহি কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ বাবে চিৰস্মৰণীয় হৈ ৰব।বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।বিহাৰৰ দাৰভাঙ্গাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 13th, 11:00 am
ৰজা জনক, সীতা মাইয়াই মিথিলা বিদ্যাপতিৰ এই পবিত্ৰ ভূমিলৈ নমস্কাৰ জনাইছো। জ্ঞান-ধন-পান-মাখানা... আপুনি এই সমৃদ্ধ গৌৰৱময় ভূমিত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
November 13th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।