অযোধ্যা ধাম জংশ্যন ৰে’ল ষ্টেশ্যন উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
December 30th, 05:22 pm
ইয়াৰ পিছত অনুষ্ঠিত এক ৰাজহুৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে কয় যে ‘অযোধ্যা ধাম ৰে'ল ষ্টেশ্যন’-য়ে ইমানদিনে ১০ হাজাৰ লোকলৈ সেৱা আগবঢ়াই আহিছিল যদিও এতিয়া পুনৰনিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত ই ৬০ হাজাৰ লোকলৈ সেৱা আগবঢ়াব পৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে ‘বন্দে ভাৰত’ আৰু ‘নমো ভাৰত’ৰ পিছত নতুন ৰে'ল শৃংখলা 'অমৃত ভাৰত' ৰে'লৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰথমখন ‘অমৃত ভাৰত ৰে'ল’ অযোধ্যাৰ মাজেৰে যোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, পশ্চিম বংগ আৰু কৰ্ণাটকৰ লোকসকলক আজি এই ৰে'লসমূহ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।