কেন্দ্ৰীয় খণ্ডআঁচনিৰ চলিত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই) আৰু পুনৰ্গঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি (আৰডব্লিউবিচিআইএছ)ৰব্যৱস্থাসমূহৰ সংশোধন/সংযোজনৰ ৰূপায়ণত কেবিনেটৰ অনুমোদন
January 01st, 03:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ সামগ্ৰিকভাৱে ৬৯,৫১৫.৭১ কোটি টকাব্যয়ৰ সৈতে ২০২৫-২৬ বৰ্ষলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু পুনৰ্গঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি অব্যাহত ৰখাত অনুমোদন জনায়। এই সিদ্ধান্তই ২০২৫-২৬ বৰ্ষলৈকে সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে প্ৰতিৰোধ কৰিব নোৱাৰা প্ৰাকৃতিক দুৰ্যোগৰ পৰা শস্যৰ বিপদাশংকাক সামৰি ল’ব।