বিশ্ব গায়ত্ৰী পৰিয়ালে আয়োজন কৰা অশ্বমেধ যজ্ঞ কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
February 25th, 09:10 am
গায়ত্ৰী পৰিয়ালৰ যিকোনো অনুষ্ঠান ইমান পৱিত্ৰতাৰ সৈতে জড়িত যে তাত উপস্থিত থকাটো নিজৰ বাবেই এক সৌভাগ্যৰ কথা। মই সুখী যে আজি মই দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ অংশ হৈছোঁ। এই অশ্বমেধ যজ্ঞত অংশগ্ৰহণৰ বাবে গায়ত্ৰী পৰিয়ালৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ সময়ত, সময়ৰ অভাৱৰ বাবে মই এক দ্বিধাৰো সন্মুখীন হৈছিলোঁ। ভিডিঅ’ৰ জৰিয়তেও এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপনৰ এটা সমস্যা আছিল যে সাধাৰণ মানুহে অশ্বমেধ যজ্ঞক ক্ষমতাৰ সম্প্ৰসাৰণৰ সৈতে জড়িত কৰি চায়। আজিকালি নির্বাচনৰ এই দিনত অশ্বমেধ যজ্ঞৰ অন্য অৰ্থ অনুমান হোৱাটোও স্বাভাৱিক৷ কিন্তু পুনৰ মই দেখিলোঁ যে এই অশ্বমেধ যজ্ঞই আচাৰ্য শ্ৰীৰাম শৰ্মাৰ আৱেগক আগুৱাই লৈ গৈছে, অশ্বমেধ যজ্ঞক এক নতুন অৰ্থ দিছে, তেতিয়া মোৰ সকলো দ্বিধাদ্বন্দ্ব নোহোৱা হৈ গ’ল।ভিডিঅ’ বাৰ্তাৰ জৰিয়তে গায়ত্ৰী পৰিয়ালৰ অশ্বমেধ যজ্ঞত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 25th, 08:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে গায়ত্ৰী পৰিবাৰৰ উদ্যোগত আয়োজন কৰা অশ্বমেধ যজ্ঞত ভাষণ আগবঢ়ায়৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে অশ্বমেধ যজ্ঞত যোগদানৰ ক্ষেত্ৰত কিছু সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ কয়, ‘অশ্বমেধ যজ্ঞৰ জৰিয়তে আচাৰ্য শ্ৰীৰাম শৰ্মাৰ মতাদৰ্শৰ ব্যাখ্যা কৰা দেখি মোৰ সকলো সন্দেহ দূৰ হ’ল। গায়ত্ৰী পৰিয়ালে আয়োজন কৰা অশ্বমেধ যজ্ঞ এক বৃহৎ সামাজিক প্ৰচাৰ কাৰ্যসূচীত পৰিণত হৈছে”।