নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
December 06th, 02:10 pm
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 06th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।৬ ডিচেম্বৰত অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
December 05th, 06:28 pm
উত্তৰ-পূৱ ভাৰতৰ সাংস্কৃতিক সজীৱতা প্ৰদৰ্শনৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ডিচেম্বৰৰ বিয়লি প্ৰায় ৩ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰিব।