ডাঙৰ চিন্তা কৰক, ডাঙৰ সপোন দেখক আৰু সেয়া সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰক: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 26th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ! এই সময়ত, আপোনালোকে ২০২১ চনৰ বিদায় আৰু ২০২২ চনৰ অভ্যৰ্থনাৰ বাবে প্ৰস্তুতিত ব্যস্ত। নতুন বছৰত, প্ৰতিজন ব্যক্তি, প্ৰতিটো প্ৰতিষ্ঠানে আগন্তুক বছৰত কিবা এটা ভাল কৰাৰ, উন্নত হোৱাৰ সংকল্প লৈছে। যোৱা সাত বছৰ ধৰি আমাৰ 'মন কী বাতে’ ব্যক্তি, সমাজ, দেশৰ ভাল কৰিবলৈ আৰু ভাল হ'বলৈ অনুপ্ৰাণিত কৰিছে। এই সাত বছৰত,'মন কী বাত'ৰ সময়ত, মই চৰকাৰৰ সাফল্যৰ বিষয়েও আলোচনা কৰিব পাৰিলোহেঁতেন। আপোনালোকেও এইটো ভাল পালেহেঁতেন, আপোনালোকেও ইয়াক প্ৰশংসা কৰিলেহেঁতেন, কিন্তু, এইটো মোৰ দশকৰ অভিজ্ঞতা যে সংবাদ মাধ্যমৰ চিকমিকনিৰ পৰা আঁতৰত, বাতৰি কাকতৰ শিৰোনামৰ পৰা আঁতৰত থাকি, বহুতো লোক আছে যিয়ে যথেষ্ট ভাল কাম কৰি আছে। তেওঁলোকে আজি দেশৰ কাইলৈৰ বাবে নিজকে জড়িত কৰি আছে। তেওঁলোকে আজি দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। এনে লোকসকলৰ কথাবোৰে অতিশয় সান্ত্বনা, গভীৰ অনুপ্ৰেৰণা প্ৰদান কৰে। মোৰ বাবে, 'মন কী বাত' সদায়ে এনে লোকসকলৰ প্ৰচেষ্টাৰে ভৰপূৰ এক সুন্দৰ উপবন স্বৰূপ হৈ আহিছে, প্ৰতিটো মাহত মোৰ এইটোৱেই প্ৰয়াস যে এই উপবনৰ কোনটো পাহি আপোনালোকৰ মাজলৈ লৈ আনিব পাৰো ৷ মই সুখী যে আমাৰ বহুৰত্ন বসুন্ধৰাৰ গুণী কাৰ্য্যৰ অবিচলিত প্ৰবাহ অব্যাহত আছে। আৰু আজি যেতিয়া দেশখনে 'অমৃত মহোৎসৱ' উদযাপন কৰি আছে, ই এক প্ৰকাৰে জনশক্তি, জন-জনৰ শক্তি, ইয়াৰ উল্লেখ, ইয়াৰ প্ৰচেষ্টা, ইয়াৰ কঠোৰ পৰিশ্ৰম, ভাৰত আৰু মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে নিশ্চিত কৰে।