জি৭ সন্মিলনৰ সমান্তৰালভাৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিঅ’ কিশিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।জি৭ সন্মিলনৰ সমান্তৰালভাৱে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:40 pm
দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।জি৭ আউটৰীচ্চ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 09:54 pm
প্ৰথমে প্ৰধানমন্ত্ৰী মেলনীক মোক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাৰ প্ৰতি আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। চেন্সেলৰ অ’লাফ শ্বলজক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। জি-৭ সন্মিলনৰ এই অনুষ্ঠানটো কেৱল বিশেষ নহয়, ঐতিহাসিকো। এই গোটৰ ৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে জি-৭ৰ সকলো সহকৰ্মীলৈ আন্তৰিক অভিনন্দন জনালোঁ।জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা আৰু শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ সন্দৰ্ভত আউটৰীচ্চ অধিবেশনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 09:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি অনুষ্ঠিত জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ওপৰত আউটৰীচ্চ অধিৱেশনত ভাষণ আগবঢ়ায়। তেওঁ গ্ৰুপটোক ৫০ বছৰীয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনায়।জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
June 14th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিটেইনৰ ঋষি সুনাকৰ সৈতে বৈঠকত মিলিত হয়। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰী মোদীক প্ৰধানমন্ত্ৰী সুনাকে অভিনন্দন জনায়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ মিলিত দায়বদ্ধতাক পুনৰ দোঁহাৰে।