১৬ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।