সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।'স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অসমীয়া অনুবাদ
December 11th, 05:00 pm
মই সদায় লালকিল্লাৰ পৰা উল্লেখ কৰি অহা এটা কথা চাগৈ আপোনালোক সকলোৱে মনত ৰাখিছে। মই কৈ অহা কথাষাৰ হৈছে 'সব কা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা) হৈছে মূল চাবিকাঠি- আজিৰ ভাৰতে কেৱল সকলোৰে সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে দ্ৰুত গতিত আগবাঢ়িব পাৰিব। এই নীতিৰ এক উদাহৰণ হৈছে আজি। মই ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন’ৰ এই বৰ্ণাঢ্য সামৰণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। যেতিয়াই মই আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ মাজত থকাৰ সুযোগ পাওঁ মই নতুন অন্তৰ্দৃষ্টি শিকিবলৈ, বুজিবলৈ আৰু প্ৰাপ্ত কৰাৰ সুযোগ পাওঁ। আপোনালোক সকলোৰে পৰা মোৰ অপাৰ প্ৰত্যাশা আছে। একবিংশ শতিকাৰ ভাৰতখনক চোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলৰ এক অনন্য দৃষ্টিভংগী আছে, আৰু সেয়েহে আপোনালোকৰ সমাধানবোৰো অনন্য হয়। যেতিয়া আপোনালোকে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আপোনালোকে নতুন আৰু সৃজনশীল সমাধানৰে সঁহাৰি দিয়ে। মই আগতে কেবাটাও হেকাথনত অংশগ্ৰহণ কৰিছিলোঁ, আৰু আপোনালোকে মোক কেতিয়াও হতাশ কৰা নাই। আপোনালোকে সদায় আপোনালোকৰ ওপৰত থকা মোৰ বিশ্বাসক শক্তিশালী কৰি আহিছে। আগতে অংশগ্ৰহণ কৰা দলবোৰে সমাধান প্ৰদান কৰিছে, যিবোৰ এতিয়া বিভিন্ন মন্ত্ৰালয়ত কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হৈছে। এতিয়া, এই হেকাথনত মই জানিবলৈ আগ্ৰহী যে দেশৰ বিভিন্ন প্ৰান্তৰ দলবোৰে কি কি প্ৰসংগত কাম কৰি আছে। মই আপোনালোকৰ উদ্ভাৱনৰ বিষয়ে শিকিবলৈ বাৰুকৈয়ে আগ্ৰহী। গতিকে, আৰম্ভ কৰোঁ আহক! কোনে প্ৰথমে আমাৰ সৈতে কথা পাতিব বিচাৰিব?আমাৰ যুৱ শক্তিৰ প্ৰতিভা আৰু কৌশল উল্লেখযোগ্য: প্ৰধানমন্ত্ৰী
December 11th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০২৪ৰ গ্ৰেণ্ড ফিনালেত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যুৱ উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণৰ পৰা ‘সবকা প্ৰয়াস’ পুনৰাবৃত্তি কৰাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে আজিৰ ভাৰতবৰ্ষই ‘সবকা প্ৰয়াস’ বা সকলোৰে প্ৰচেষ্টাৰে দ্ৰুত গতিত আগবাঢ়িব পাৰে আৰু আজিৰ এই অনুষ্ঠানটো ইয়াৰে এক আদৰ্শ। “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ গ্ৰেণ্ড ফিনালেৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আহিছো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ উদ্ভাৱকসকলৰ মাজত থাকিলে নতুন কিবা এটা শিকিবলৈ আৰু বুজিবলৈ সুযোগ পায়। যুৱ উদ্ভাৱকসকলৰ প্ৰতি তেওঁৰ উচ্চ আশাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ একবিংশ শতিকাৰ ভাৰতক বেলেগ ধৰণে চোৱাৰ দৃষ্টিভংগী আছে। সেয়ে শ্ৰী মোদীয়ে কয় যে আপোনালোকৰ সমাধানো বেলেগ আৰু নতুন প্ৰত্যাহ্বান আহিলে নতুন আৰু অনন্য সমাধানৰ কথা উলিয়ায়। পূৰ্বতে হেকাথনৰ অংশ হোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলাফলত তেওঁ কেতিয়াও হতাশ হোৱা নাই। “আপোনালোকে মোৰ বিশ্বাসক মাত্ৰ সাহস দিছে”, পূৰ্বতে প্ৰদান কৰা সমাধানসমূহ বিভিন্ন মন্ত্ৰালয়ত ব্যৱহাৰ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ কয়। শ্ৰী মোদীয়ে অংশগ্ৰহণকাৰীসকলৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আদান-প্ৰদান আৰম্ভ কৰে।আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
October 27th, 11:30 am
মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷