
গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন
March 04th, 04:05 pm
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগে আয়োজন কৰা পূব আৰু উত্তৰ-পূব অঞ্চলৰ যুটীয়া আঞ্চলিক ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰণ অনুষ্ঠান কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে অংশ গ্ৰহণ কৰিব। সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ শ্ৰী দিলীপ শইকীয়া আৰু শ্ৰীমতী বিজুলী কলিতা মেধি।