প্ৰধানমন্ত্ৰীয়ে গুজৰাটতকোচৰব আশ্ৰম উদ্বোধন আৰুসাবৰমতী আশ্ৰম প্ৰকল্পৰ মাষ্টাৰ প্লেন মুকলি অনুষ্ঠানত কৰা সম্বোধনৰ পূৰ্ণপাঠ
March 12th, 10:45 am
পূজ্য বাপুৰ এই সাবৰমতী আশ্ৰম সদায় অতুলনীয় শক্তিৰ এক সজীৱ কেন্দ্ৰ হৈ আহিছে। আৰু,মই ইয়ালৈ অহাৰ সুযোগ লাভ কৰা মাত্ৰেকে, আমাৰ মাজত বাপুৰ প্ৰেৰণা স্পষ্টকৈ অনুভৱ কৰিব পাৰোঁ। সত্য আৰু অহিংসাৰ আদৰ্শ থাকিব লাগে, ৰাষ্ট্ৰক পূজাৰ সংকল্প, দৰিদ্ৰ আৰু বঞ্চিতসকলৰ সেৱাৰ জৰিয়তে নাৰায়ণক সেৱাৰ অনুভূতি, সাবৰমতী আশ্ৰমে আজিও বাপুৰ এই প্ৰমূল্যবোধবোৰ জীয়াই ৰাখিছে। মোৰ সৌভাগ্য যে আজি মই ইয়াত সাবৰমতী আশ্ৰমৰ পুনৰ-উন্নয়ন আৰু সম্প্ৰসাৰণ কৰ্মৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথমতে,কোচৰব আশ্ৰমৰো বিকাশ সাধন কৰা হৈছেআৰু মই সুখী যে আজি ইয়াৰ উদ্বোধন কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰপৰা উভতি অহাৰ পিছত গান্ধীজীয়ে কোচৰব আশ্ৰমত প্ৰথম আশ্ৰম স্থাপন কৰে। গান্ধীজীয়ে ইয়াত যঁতৰত সূতা কাটিছিল। দুবছৰ কোচৰব আশ্ৰমত থকাৰ পিছত গান্ধীজীয়ে সাবৰমতী আশ্ৰমলৈ আহে। পুনৰ-নিৰ্মাণৰ পিছত এতিয়া গান্ধীজীৰ সেই দিনৰ স্মৃতিবোৰ কোচৰব আশ্ৰমত উন্নত ৰূপত সংৰক্ষিত হৈ থাকিব। শ্ৰদ্ধাৰ বাপুৰ চৰণত প্ৰণাম কৰি তেওঁক শ্ৰদ্ধা জনাইছোঁ। লগতে, এই গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক স্থানসমূহৰ উন্নয়নৰ বাবে সকলো দেশবাসীক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সবৰমতীত কোচৰাব আশ্ৰম উদ্বোধন কৰে
March 12th, 10:17 am
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সবৰমতী আশ্ৰম সদায়ে অতুলনীয় শক্তিৰ এক জীৱন্ত কেন্দ্ৰ হৈ আহিছে আৰু আমি নিজৰ মাজতে বাপুৰ অনুপ্ৰেৰণা অনুভৱ কৰোঁ। সবৰমতী আশ্ৰমে বাপুৰ সত্য আৰু অহিংসা, ৰাষ্ট্ৰ সেৱা আৰু বঞ্চিতসকলৰ সেৱাত ঈশ্বৰৰ সেৱা জীয়াই ৰাখিছে, তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে গান্ধীজীৰ কোচৰাব আশ্ৰমত থকা সময়ৰ কথা উল্লেখ কৰে য'ত গান্ধীজী সবৰমতীলৈ যোৱাৰ আগতে আছিল। পুনৰনিৰ্মিত কোচৰব আশ্ৰম আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পূজ্য মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি আজিৰ গুৰুত্বপূৰ্ণ আৰু অনুপ্ৰেৰণামূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।Amrit Kalash Yatra: PM to participate in programme marking culmination of Meri Maati Mera Desh campaign
October 30th, 09:11 am
PM Modi will participate in the programme marking the culmination of Meri Maati - Mera Desh campaign’s Amrit Kalash Yatra at Kartavya Path. The programme will also mark the closing ceremony of Azadi Ka Amrit Mahotsav. Meri Maati Mera Desh campaign is a tribute to the Veers and Veeranganas who have made the supreme sacrifice for the country.