
চিকিৎসক, খেলুৱৈ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলে মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সমৰ্থন কৰিছে
January 31st, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল। এই আহ্বানে চিকিৎসক, খেলুৱৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে।
মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।