
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত এনডিএৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনৰ অধ্যক্ষতা কৰে
May 25th, 06:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনৰ অধ্যক্ষতা কৰে। তেওঁ উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে ডাবল ইঞ্জিনৰ চৰকাৰৰ সুবিধাসমূহ সাধাৰণ জনতাৰ মাজলৈ ফলপ্ৰসূভাৱে লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 25th, 11:30 am
নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।
ৰাজস্থানৰ বিকানেৰত এলানি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অনুবাদ
May 22nd, 12:00 pm
ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগড়ে জী, এইখন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভজন লাল জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী জী, প্ৰেম চান্দ জী, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী মদন ৰাথোৰ জী, অন্যান্য সাংসদ-বিধায়ক, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে
May 22nd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণৰ উল্লেখযোগ্য অংশগ্ৰহণক স্বীকাৰ কৰি অনুষ্ঠানৰ বৃহৎ সমাৱেশক আদৰণি জনায়। কেইবাগৰাকীও ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল আৰু অন্যান্য জন প্ৰতিনিধিৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগত জড়িত সমগ্ৰ দেশৰ সকলো সন্মানীয় গণ্যমান্য ব্যক্তি আৰু নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 27th, 11:30 am
নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.কেবিনেটে ২০২৫-২০২৬ৰ বাবে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণত অনুমোদন জনায়
April 09th, 03:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২০২৬ৰ বাবে ১৬০০ কোটি টকা প্ৰাৰম্ভিক মুঠ ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা (PMKSY)-ৰ উপ-আঁচনি হিচাপে কমাণ্ড এৰিয়া উন্নয়ন আৰু জল ব্যৱস্থাপনাৰ আধুনিকীকৰণ (M-CADWM)ত অনুমোদন জনায়।ফলাফলবোৰ – প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণ
April 05th, 01:45 pm
বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য
April 05th, 11:30 am
আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তামিলনাডু ভ্ৰমণেৰে ৰামেশ্বৰমক মূল ভূখণ্ডৰে সংযোগ কৰা নতুন পাম্বন ৰেল সেতু উদ্বোধন কৰিব
April 04th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ এপ্ৰিলৰ দিনা তামিলনাডু ভ্ৰমণ কৰিব। ৰাম নৱমী উপলক্ষে দুপৰীয়া প্ৰায় ১২ বজাত তেখেতে ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সামুদ্ৰিক দলং - নতুন পাম্বন ৰেল সেতু উদ্বোধনেৰে পথ দলঙৰপৰা এখন ৰেল আৰু জাহাজৰ ফ্লেগ-অফ কৰিব।প্ৰধানমন্ত্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণ কৰে
April 04th, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমানৰ অধ্যক্ষ থাইলেণ্ডৰ উদ্যোগত আয়োজিত ৬ষ্ঠ বিমষ্টেক (BIMSTEC-বে’ অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেচন) সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনৰ বিষয়বস্তু হৈছে - বিমষ্টেকঃ সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু মুকলি। এই বিষয়বস্তুৱে বিমষ্টেক অঞ্চলৰ নেতাসকলৰ অগ্ৰাধিকাৰ আৰু জনসাধাৰণৰ আকাংক্ষাৰাজিৰ লগতে বিশ্বজুৰি অনিশ্চয়তাৰ সময়তে সহভাজিত বিকাশ নিশ্চিতকৰণৰ ক্ষেত্ৰত বিমষ্টেকৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।দিল্লীত চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আতিথ্য প্ৰধানমন্ত্ৰীৰ
April 01st, 09:33 pm
ভাৰত-চিলিৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিলিৰ ৰাষ্ট্ৰপতি শ্ৰীযুত গেব্ৰিয়েল বৰিক ফণ্টক আদৰণি জনায়। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বৰিকক আতিথ্য প্ৰদান কৰি আনন্দ প্ৰকাশ কৰি লেটিন আমেৰিকাৰ মূল মিত্ৰ হিচাপে চিলিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।List of Outcomes: State visit of President of Chile to India (April 01 - 05, 2025)
April 01st, 06:45 pm
PM Modi and President Boric witnessed exchange of several bilateral documents and Memorandum of Understanding (MoUs) including MoU between National Service for Disaster Prevention and Response, and National Disaster Management Authority on disaster management, MoU between CODELCO and Hindustan Copper Ltd.ভাৰত-চিলি যুটীয়া বিবৃতি
April 01st, 06:11 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত চিলি গণৰাজ্যৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিক ফণ্টে দুয়োখন ৰাষ্ট্ৰৰ কূটনৈতিক সম্পৰ্কই ৭৬ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত ২০২৫ চনৰ ১ ৰ পৰা ৫ এপ্ৰিললৈ ভাৰত ভ্ৰমণৰ বাবে উপস্থিত হৈছে। ৰাষ্ট্ৰপতি বৰিকৰ সৈতে বৈদেশিক পৰিক্ৰমা, কৃষি, খনি, মহিলা আৰু লিংগ সমতা, আৰু সংস্কৃতি, কলা, আৰু ঐতিহ্য মন্ত্ৰীসকলৰ লগতে সংসদৰ সদস্য, জ্যেষ্ঠ বিষয়া আৰু এক বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলো আছে। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি বৰিকে নতুন দিল্লী, আগ্ৰা, মুম্বাই, আৰু বেংগালুৰু ভ্ৰমণ কৰি দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ’ব। ২০২৪ চনৰ নৱেম্বৰ মাহত ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলন সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা প্ৰাৰম্ভিক বৈঠকৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।