ৰুৰকেলাত আদি মহোৎসৱৰ সন্দৰ্ভত টুইট শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 08th, 11:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ জনজাতীয় সমূদায়ৰ ঐতিহ্য আৰু সংস্কৃতিক লৈ ভাৰত গৌৰৱান্বিত বুলি আলোকপাত কৰে৷

প্ৰধানমন্ত্ৰীয়ে 'আদি মহোৎসৱ'ৰ প্ৰতি আগ্ৰহত আনন্দ প্ৰকাশ কৰিছে

February 23rd, 09:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'আদি মহোৎসৱ'ৰ প্ৰতি ব্যাপক আগ্ৰহ দেখি আনন্দ প্ৰকাশ কৰিছে। তেওঁ লোকসভাৰ সাংসদ ড০ ভোলা সিঙৰ টুইট থ্ৰেডৰ সঁহাৰি উত্তৰ দিয়ে য'ত শ্ৰী সিঙে তেওঁৰ 'আদি মহোৎসৱ' ভ্ৰমণৰ বিষয়ে অৱগত কৰিছে আৰু কয় যে ইয়াক অতি সুন্দৰভাৱে আয়োজন কৰা হৈছে য'ত আপুনি সমগ্ৰ ভাৰতৰ পৰা জনজাতীয় সংস্কৃতিৰ আশ্চৰ্যজনক উপস্থাপন চাব পাৰিব।

নতুন দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত "আদি মহোৎসৱ" উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

February 16th, 10:31 am

মোৰ কেবিনেট সহকৰ্মী শ্ৰী অৰ্জুন মুণ্ডাজী, শ্ৰী ফাগ্গন সিং কুলাষ্টেজী, শ্ৰীমতী ৰেণুকা সিং জী, ড০ ভাৰতী পাৱাৰজী, শ্ৰী বিশেশ্বৰ টুডুজী, অন্যান্য বিশিষ্ট ব্যক্তি সকল আৰু দেশৰ বিভিন্ন ৰাজ্যৰ মোৰ সকলো জনজাতীয় ভাই-ভনীসকল! আদি মহোৎসৱলৈ আপোনালোক সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ উদ্বোধন কৰে

February 16th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মেজৰ ধ্যানচাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৃহৎ ৰাষ্ট্ৰীয় জনজাতীয় মহোৎসৱ আদি মহোৎসৱ উদ্বোধন কৰে। আদি মহোৎসৱ হৈছে ৰাষ্ট্ৰীয় মঞ্চত জনজাতীয় সংস্কৃতি প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস আৰু ই জনজাতীয় সংস্কৃতি, শিল্পকলা, ৰন্ধনপ্ৰণালী, বাণিজ্য আৰু পৰম্পৰাগত কলাৰ সত্বা দাঙি ধৰে। ই জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচন লিমিটেডৰ (ট্ৰাইফেড) বাৰ্ষিক পদক্ষেপ।

১৬ ফেব্ৰুৱাৰীত দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদী মহোৎসৱৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 15th, 08:51 am

প্ৰধানমন্ত্ৰীয়ে দেশৰ জনজাতীয় জনসংখ্যাৰ কল্যাণৰ বাবে অগ্ৰণী পদক্ষেপ গ্ৰহণ কৰাৰ লগতে দেশৰ বিকাশ আৰু উন্নয়নত তেওঁলোকৰ অৱদানৰ প্ৰতিও উপযুক্ত সন্মান জনাই আহিছে। জনজাতীয় সংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ প্ৰয়াসেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০:৩০ বজাত দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আদি মহোৎসৱ শীৰ্ষক বিশাল ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ উদ্বোধন কৰিব।