প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে যুটীয়াভাৱে মৰিচাছত সামাজিক আৱাস গোট প্ৰকল্প উদ্বোধন কৰে আৰু ভাৰ্চুৱেল পদ্ধতিত অসামৰিক সেৱা মহাবিদ্যালয় আৰু ৮ মেগাৱাট সৌৰ পিভি ফাৰ্ম প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
January 20th, 06:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।মৰিছাছত যৌথভাৱে বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু সূচনা অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ
January 20th, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।