যৌথ বিবৃতি: ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বিতীয় বৈঠক, নতুন দিল্লী (২৮ ফেব্ৰুৱাৰী, ২০২৫)

যৌথ বিবৃতি: ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বিতীয় বৈঠক, নতুন দিল্লী (২৮ ফেব্ৰুৱাৰী, ২০২৫)

February 28th, 06:25 pm

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ (টিটিচি) দ্বিতীয়খন বৈঠক ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হয়।ইয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ; বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল; আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰযুক্তি সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু গণতন্ত্ৰৰ কাৰ্যবাহী উপ-সভানেত্ৰী শ্ৰীমতী হেনা ভিৰকুনেন, বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়ুক্ত, আন্তঃপ্ৰতিষ্ঠানিক সম্পৰ্ক আৰু স্বচ্ছতা শ্ৰী মাৰোছ শ্বেফচভিচ আৰু ষ্টাৰ্টআপ, গৱেষণা আৰু উদ্ভাৱনৰ আয়ুক্ত শ্ৰীমতী একাটেৰিনা জাহাৰিয়েভাই সহ-অধ্যক্ষতা কৰে।