বিকশিত ভাৰত-বিকশিত গোৱা কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 06th, 02:38 pm

গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই জী, ইয়াৰ যুৱ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু গোৱাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। সকলো গোৱাবাসীলৈ মোৰ সাদৰ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ওপৰত যেন সদায় থাকে।

প্ৰধানমন্ত্ৰীয়ে গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

February 06th, 02:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত বিকশিত ভাৰত, বিকশিত গোৱা ২০৪৭ কাৰ্যসূচীত ১৩৩০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে আয়োজিত প্ৰদৰ্শনীলৈ খোজকাঢ়ি যায়। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে শিক্ষা, ক্ৰীড়া, পানী শোধন, আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰ্যটন খণ্ডত আন্তঃগাঁথনি বৃদ্ধি। প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত বিভিন্ন বিভাগত ১৯৩০ গৰাকী যুৱক যুৱতীক নতুন চৰকাৰী নিযুক্তিৰ আদেশ বিতৰণ কৰে আৰু লগতে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক অনুমোদন পত্ৰপ্ৰদান কৰে।

গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 26th, 10:59 pm

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে গোৱাত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

October 26th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২৬ অক্টোবৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব

October 25th, 11:21 am

দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদনগৰ জিলাৰ শিৰডীত উপস্থিত হৈ শ্ৰী ছাইবাবা সমাধি মন্দিৰত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। লগতে মন্দিৰৰ নতুন দৰ্শন কিউ কমপ্লেক্স উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে নীলৱাণ্ডে বান্ধৰ জল পূজন সম্পন্নৰ লগতে বান্ধটোৰ এটা কেনেল নেটৱৰ্ক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। বিয়লি প্ৰায় ৩:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে শিৰডীত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছ আদি খণ্ডৰ প্ৰায় ৭৫০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।