ভাৰতে আমাৰ চাফাই কৰ্মচাৰীসকলক লৈ গৌৰৱ কৰে৷ এনে বহু ব্যক্তি আছে যি ভাৰতক স্বচ্ছ কৰি ৰাখিবলৈ আগুৱাই আহিছে৷
২৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজৰ কুম্ভ পৰিদৰ্শন কৰাৰ সময়ত এনেকুৱা কাৰ্য কৰিছিল যাক সমগ্ৰ ৰাষ্ট্ৰই মনত ৰাখিব৷
প্ৰধানমন্ত্ৰী মোদীয়ে চাফাই কৰ্মচাৰীসকলৰ ভৰি নিজ হাতেৰে ধুৱাই দিছিল৷
ইয়াৰ জৰিয়তে চাফাই কৰ্মচাৰীসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাভাৱ প্ৰদৰ্শিত হৈছিল৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে কিদৰে যত্ন লয়, প্ৰতিজন নাগৰিকৰ কৰ্মৰ কিদৰে মূল্য দিয়ে আৰু যিয়ে ভাৰতৰ জনতাৰ সৈতে কান্ধত কান্ধ মিলাই আগুৱাই যাব, তেওঁৰ প্ৰতিচ্ছবি প্ৰদৰ্শিত হৈছে৷
দেশক পৰিষ্কাৰ কৰি ৰখাত চাফাই কৰ্মচাৰীসকলৰ ভাল কৰ্মৰ কথা প্ৰধানমন্ত্ৰীয়ে কৈছিল৷ ২০১৯ চনৰ প্ৰয়াগৰাজ কুম্ভত স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষভাৱে কৰা ব্যৱস্থাপনাক তেওঁ প্ৰশংসা কৰিছিল৷
স্বচ্ছ ভাৰত অভিযান এক শক্তিশালী জন আন্দোলনলৈ পৰিৱৰ্তিত হৈছে য’ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছে৷ ২০১৪ চনত মাত্ৰ ৩৮%ৰ দুৰ্বল অনাময় ব্যৱস্থাৰ পৰা এতিয়া ইয়াৰ ব্যাপ্তি ২০১৯ চনত ৯৮%লৈ বৃদ্ধি হৈছে৷ দেশত বিশাল মাত্ৰাত জনসাধাৰণে স্বচ্ছতাৰ অভিযানত অংশগ্ৰহণ কৰাটো এতিয়া এক সূলভ দৃশ্য৷ তাৰোপৰি তৰুণ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণেও এই আন্দোলনৰ প্ৰভাৱ দুগুণে বৃদ্ধি কৰিছে৷
প্ৰধানমন্ত্ৰী মোদীয়ে চাফাই কৰ্মচাৰীসকলৰ ভৰি ধুৱাই দিয়াৰ দৃশ্য আৰু ভিডিঅ’য়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিব৷