প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ মুকলিৰ সময়ত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে৷
‘আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল যে আমাৰ বিকাশৰ মডেলটো যোগান-ভিত্তিক হৈ পৰিছে৷ লক্ষ্ণৌ, গান্ধী নগৰ অথবা দিল্লীত এটা আঁচনি প্ৰস্তুত কৰা হৈছে৷ ইয়াক প্ৰণয়ন কৰাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আমি এই মডেলটোক যোগান-ভিত্তিকৰ পৰা পৰিৱৰ্তন কৰি আদৰ্শ গ্ৰামৰ জৰিয়তে চাহিদা-ভিত্তিকলৈ পৰিৱৰ্তিত কৰিব বিচাৰিছো৷ গাঁওসমূহত স্ব-বিকশিত হোৱাৰ এক ব্যৱস্থা থকা উচিত৷
ইয়াৰ বাবে আমি আমাৰ মানসিকতা পৰিৱৰ্তন কৰিব লাগিব৷ আমি জনসাধাৰণৰ হৃদয়ক একত্ৰিত কৰিব লাগিব৷ সাধাৰণতে সাংসদসমূহ ৰাজনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ থাকে, কিন্তু ইয়াৰ পিছত যেতিয়া তেওঁলোক গাঁৱলৈ আহিব তেতিয়া তাত কোনোধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ নাথাকিব৷ এয়া পৰিয়ালৰ দৰে হৈ পৰিব৷ গাঁৱৰ বাসিন্দাৰ সৈতে একেলগে বহি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ ইয়াৰ দ্বাৰা গাঁওসমূহ পুনৰুজ্জীৱিত হোৱাৰ লগতে ঐক্যও স্থাপিত হ’ব৷’
মহাত্মা গান্ধীৰ আদৰ্শ গাঁওৰ সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০১৪ চনৰ ১১ অক্টোবৰ তাৰিখে সাংসদ আদৰ্শ গ্ৰাম যোজনা (এছএজিৱাই) মুকলি কৰা হৈছিল৷ এছএজিৱাইৰ অধীনত প্ৰতিজন সাংসদে একোখন গাঁও পঞ্চায়তৰ দায়িত্ব লৈ আন্তঃগাঁথনি অনুসৰি সামাজিক উন্নয়নক গুৰুত্ব প্ৰদান কৰি সামূহিক বিকাশৰ বাবে পথ প্ৰদৰ্শিত কৰে৷ ‘আদৰ্শ গ্ৰাম’ স্থানীয় বিকাশ আৰু শাসনৰ বিদ্যালয় হিচাপে বিবেচিত হোৱাৰ লগতে অন্য গাঁও পঞ্চায়তকো অনুপ্ৰেৰণা প্ৰদান কৰিছে৷
গাঁওবাসীক অন্তৰ্ভুক্ত কৰি তথা বৈজ্ঞানিক সঁজুলিসমূহৰ ব্যৱহাৰৰ জৰিয়তে সাংসদৰ নেতৃত্বত গাঁও বিকাশ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ পিছত এই পৰিকল্পনাৰ প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজ্য চৰকাৰ বিভাগত প্ৰদান কৰা হয়৷ ৰাজ্যিক পৰ্যায়ৰ সৱলীকৰণ সমিতি (এছএলইচি)য়ে ইয়াৰ পুনৰীক্ষণ কৰে, কিবা পৰিৱৰ্তন কৰিবলগীয়া থাকিলে পৰামৰ্শ প্ৰদান কৰে আৰু সম্পদসমূহৰ আৱণ্টনক অগ্ৰাধিকাৰ প্ৰদান কৰে৷ বৰ্তমানলৈ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়/বিভাগসমূহৰ দ্বাৰা এছএজিৱাই গ্ৰাম পঞ্চায়ত প্ৰকল্পক অগ্ৰাধিকাৰ দিয়াৰ বাবে ২১ টা আঁচনিৰ প্ৰণয়ন কৰা হৈছে৷
জিলা পৰ্যায়ত সাংদগৰাকীৰ সভাপতিত্বত প্ৰত্যেক গাঁও পঞ্চায়তত এখন মাহিলী পুনৰীক্ষণ সভাৰ আয়োজন কৰা হয়৷ প্ৰতিটো প্ৰকল্পই বিভাগীয় প্ৰতিনিধিসকলৰ উপস্থিতিত পুনৰীক্ষণ কৰা হয় আৰু ইয়াৰ উত্তৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰা হয়৷ ২০১৬ চন পৰ্যন্ত সাংসদৰ নেতৃত্বত একোখন গাঁও পঞ্চায়তৰ দায়িত্ব প্ৰদান কৰাৰ বিপৰীতে ২০১৯ চনলৈ দুখনকৈ তথা ২০২৪ চনৰ ভিতৰত পাঁচ খনকৈ গাঁও পঞ্চায়তৰ দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে৷ বৰ্তমানলৈ সমগ্ৰ দেশতে সাংসদসকলে ৬৯৬খন গাঁও পঞ্চায়তৰ দায়িত্ব গ্ৰহণ কৰিছে৷
প্ৰত্যেকজন জিলাধিপতিক দায়িত্বশীল বিষয়া হিচাপে মনোনীত কৰি স্থানীয় পৰ্যায়ত এই পদক্ষেপ প্ৰণয়নৰ বাবে সম্পূৰ্ণ দায়িত্বশীল ব্যক্তিৰ সৈতে সমন্বয় স্থাপন কৰাৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে৷ গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে সমগ্ৰ দেশতে ৯ টা আঞ্চলিক পৰ্যায়ত ৬৫৩ গৰাকী দায়িত্বশীল বিষয়াৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে৷ ২০১৫ চনত ২৩-২৪ ছেপ্টেম্বৰত ভূপালত গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল য’লৈ ৰাজ্যৰ সাংসদ, ৰাজ্য চৰকাৰৰ লোক, জিলাধিপতি আৰু গাঁওবুঢ়াসকলক নিমন্ত্ৰণ জনোৱা হৈছিল৷ তাত গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিয়ে আঁচনিসম্বন্ধীয় প্ৰদৰ্শনীৰো আয়োজন কৰিছিল যাতে এছএজিৱাই গাঁও পঞ্চায়তসমূহত ইয়াক প্ৰণয়ন কৰিব পাৰি৷ মন্ত্ৰ্যালয়ে এছএজিৱাই গাঁও পঞ্চায়তৰ উত্তৰণ নিৰীক্ষণ কৰাৰ বাবে ‘পঞ্চায়ত দৰ্পণ’ হিচাপে ৩৫টা নিৰ্দেশকো প্ৰস্তুত কৰিছে৷
সাফল্যৰ কিছুমান কাহিনীঃ
জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ ট্ৰেহগাম ব্ল’কৰ লাডেৰৱান গাঁৱৰ অধিকাংশ লোকেই হ’ল কৃষিকৰ্মৰ সৈতে জড়িত লোক৷ বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰচাৰৰ বাবে ৩৭৯ গৰাকী কৃষকৰ ম’বাইল নম্বৰ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ৰ সৈতে সংযোজিত কৰা হৈছিল৷ কেভিকেয়ে নিৰ্দিষ্ট কিছুমান শস্যৰ খেতিৰ বাবে বতৰৰ আগজাননী তথা ল’বলগীয়া ব্যৱস্থাসম্বন্ধীয় বাৰ্তা কিছুমান মেছেজযোগে প্ৰদান কৰে৷ এই পদক্ষেপ সাংসদ শ্ৰী মুজাফৰ হুছেইন বেইগৰ তত্বাৱধানত গ্ৰহণ কৰা হৈছে৷ ফলস্বৰূপে কৃষকসকলে কৃষি সম্পৰ্কীয় বাৰ্তা তেওঁলোকৰ ম’বাইলতে লাভ কৰিবলৈ সমৰ্থ হৈছে৷ এই বাৰ্তাসমূহত বৈজ্ঞানিক শস্য চপোৱাৰ অভ্যাস, ভূমি পৰীক্ষণ, শস্য সুৰক্ষা, শস্য চপোৱাৰ পচ্ছাদ প্ৰযুক্তি আৰু বজাৰৰ তথ্য অন্তৰ্ভুক্ত থাকে৷ ইয়াৰ জৰিয়তে জনসাধাৰণে শস্য উৎপাদন তথা তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সম্পৰ্কে সিদ্ধান্ত গ্ৰহণত সহায় লাভ কৰিছে৷
তামিলনাডুৰ শিৱগংগা জিলাৰ মাৰাৱামংগলম বাচনি কৰিছিল ৰাজ্যসভাৰ সাংসদ ডঃ ই.এম. সুদৰ্শন নাটছিয়াপ্পানে৷ সাংসদগৰাকীয়ে গ্ৰামীণ জীৱিকা নিৰ্বাহৰ সম্ভাৱ্য দিশসমূহ চিনাক্ত কৰিছিল৷ সমাজত কয়ৰ, চামৰা আৰু নাৰিকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰি তেওঁ ইয়াৰ উত্তৰণৰ ব্যৱস্থা কৰিছিল৷ সাংসদগৰাকীয়ে জিলা প্ৰশাসন তথা আলাগাপ্পা বিশ্ববিদ্যালয়ৰ সহায়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰো অনুষ্ঠিত কৰিছিল৷ তাৰোপৰি তেওঁ ভাৰতীয় কয়ৰ ব’ৰ্ড, ভাৰতীয় নাৰিকল বিকাশ ব’ৰ্ড আৰু কেন্দ্ৰীয় চামৰা গৱেষণা প্ৰতিষ্ঠানৰ সহায়ত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰো আয়োজন কৰিছিল৷
জনসাধাৰণক সফল উদ্যমী কৰি তোলাৰ বাবে তেওঁ দুমহীয়া কয়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত কয়ৰ প্ৰশিক্ষণৰ বাবে ১২০ গৰাকী মহিলা, চামৰা প্ৰশিক্ষণৰ বাবে ১১২ গৰাকী ব্যক্তি আৰু নাৰিকল প্ৰশিক্ষণৰ বাবে ২৭ গৰাকী ব্যক্তি পঞ্জীকৃত হৈছিল৷ এই প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকে নিজাকৈ সামাজিক উদ্যোগ তথা জীৱিকা নিৰ্বাহৰ বাবে জিলা প্ৰশাসনৰ পৰা বিত্তীয় সাহায্যও প্ৰদান কৰা হ’ব৷
সাংসদ শ্ৰী বিদ্যুৎ বৰণ মাহাতোৱে গ্ৰহণ কৰা বানগুৰদাৰ গাঁও পঞ্চায়তত কিশোৰীসকলে ল’বলগীয়া ন্যূনতম স্বাস্থ্যবিধি প্ৰদান কৰাৰ লগতে ঝাৰখণ্ডৰ পূব সিংগভূমৰ দুৰ্গম গাঁওসমূহতো স্বাস্থ্যবিধিৰ সুবিধা প্ৰদান কৰা হৈছিল৷ সেই অঞ্চলত এনিমীয়া আৰু মহিলা-কন্যাজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট আছিল৷ ইয়াক মোকাবিলা কৰাৰ বাবে তেওঁ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত এলানি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল য’ত ১৮৮ গৰাকীতকৈও অধিক কিশোৰীৰ পৰীক্ষা কৰা হৈছিল৷ ফলস্বৰূপে কন্যাসমূহৰ মাজত বিভিন্ন মহিলাজনিত ৰোগ, প্ৰস্বাৱদ্বাৰৰ ৰোগ তথা চালৰ ৰোগো পৰিলক্ষিত হৈছিল যি সামাজিক অন্ধবিশ্বাসজনিত কাৰণত গুপ্ত হৈ আছিল৷
এই ৰোগসমূহ অস্বাস্থ্যকৰ জীৱনশৈলী তথা দূষিত পৰিবেশৰ ফলত সংঘটিত হোৱা পৰিলক্ষিত হৈছিল৷ মহিলা আৰু কন্যাসকলৰ মাজত ব্যক্তিগত স্বাস্থ্যবিধিৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ এই ধৰণৰ কাৰ্যসূচী গাঁওসমূহত নিয়মীয়াকৈ প্ৰণয়ন কৰা হ’ব৷