Mission Chandrayaan has become a symbol of the spirit of New India: PM Modi
India has made G-20 a more inclusive forum: PM Modi
India displayed her best ever performance in the World University Games: PM Modi
'Har Ghar Tiranga' a resounding success; Around 1.5 crore Tricolours sold: PM Modi
Sanskrit, one of the oldest languages, is the mother of many modern languages: PM Modi
When we connect with our mother tongue, we naturally connect with our culture: PM Modi
Dairy Sector has transformed the lives of our mothers and sisters: PM Modi

মোৰ প্ৰিয় পৰিয়ালবৰ্গ, নমস্কাৰ৷

মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...

আকাশলৈ মুৰ দাঙিবলৈ

ঘন ডাৱৰ ফালিবলৈ

পোহৰৰ সংকল্প ল’বলৈ

এতিয়া সূৰ্য উদয় হৈছে৷

 

দৃঢ় নিশ্চয়তাৰে সৈতে আগুৱাবলৈ

সকলো সমস্যা নেওচিবলৈ

আগুৰি ধৰা আন্ধাৰক নাশিবলৈ

এতিয়া সূৰ্য উদয হৈছে৷

 

আকাশলৈ মুৰ দাঙিবলৈ

ঘন ডাৱৰ ফালিবলৈ

এতিয়া সূৰ্য উদয় হৈছে৷

মোৰ পৰিয়ালৰ সদস্যসকল, ২৩ আগষ্টত ভাৰত আৰু ভাৰতৰ চন্দ্ৰযানে প্ৰমাণ কৰিছে যে সংকল্পৰ কিছু সূৰ্যোদয় চন্দ্ৰতো হয়। মিছন চন্দ্ৰযান নতুন ভাৰতৰ মনোভাৱৰ প্ৰতীক হৈ পৰিছে, যি যিকোনো পৰিস্থিতিত জয়ী হ’ব বিচাৰে আৰু যিকোনো পৰিস্থিতিত জয়ী হ’বও জানে।

 

বন্ধুসকল, এই অভিযানৰ এটা দিশ আছিল যিটো আজি আপোনালোক সকলোৰে সৈতে বিশেষভাৱে আলোচনা কৰিব বিচাৰিছো। আপোনালোকৰ মনত আছে এইবাৰ মই লালকিল্লাৰ পৰা কৈছিলো যে আমি মহিলাকেন্দ্ৰিক উন্নয়নক ৰাষ্ট্ৰীয় চৰিত্ৰ হিচাপে শক্তিশালী কৰিব লাগিব। য'ত নাৰী শক্তিৰ শক্তি যোগ কৰা হয় তাত অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি। ভাৰতৰ মিছন চন্দ্ৰযানো নাৰী শক্তিৰ সজীৱ উদাহৰণ। এই সমগ্ৰ অভিযানত বহু মহিলা বিজ্ঞানী আৰু অভিযন্তা প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। তেওঁলোক বিভিন্ন ব্যৱস্থাৰ প্ৰকল্প সঞ্চালক, প্ৰকল্প প্ৰৱন্ধক আদি বহু গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছে। ভাৰতৰ কন্যাই এতিয়া অসীম বুলি গণ্য কৰা স্থানকো প্ৰত্যাহ্বান জনাইছে। যেতিয়া এখন দেশৰ কন্যাসকল ইমান অভিলাষী হৈ পৰে, তেতিয়া সেই দেশখন উন্নত হিচাপে বিকাশ হোৱাত কোনে বাধা দিব পাৰে!

বন্ধুসকল, আমি ইমান উচ্চ উৰণ সম্পূৰ্ণ কৰিলোঁ কাৰণ আজি আমাৰ সপোনবোৰ ডাঙৰ আৰু আমাৰ প্ৰচেষ্টাও ডাঙৰ। আমাৰ বিজ্ঞানীসকলৰ লগতে আন খণ্ডসমূহেও চন্দ্ৰযান-৩ৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সকলো অংশ আৰু কাৰিকৰী প্ৰয়োজনীয়তা পূৰণত বহু দেশবাসীয়ে অৰিহণা যোগাইছে। যেতিয়া সকলোৰে প্ৰচেষ্টা হাতত লোৱা হ’ল, তেতিয়া সফলতাও লাভ কৰা হ’ল। এইটোৱেই হৈছে চন্দ্ৰযান-৩ৰ আটাইতকৈ ডাঙৰ সফলতা। ভৱিষ্যতেও আমাৰ মহাকাশ খণ্ডই সকলোৰে প্ৰচেষ্টাৰে এনে বহু সফলতা লাভ কৰাটো কামনা কৰিলোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল, ছেপ্টেম্বৰ মাহটো ভাৰতৰ শক্তিৰ সাক্ষী হ’বলৈ গৈ আছে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া জি-২০ নেতা সন্মিলনৰ বাবে ভাৰত সম্পূর্ণৰূপে প্রস্তুত৷ এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজধানী দিল্লীলৈ ৪০খন দেশৰ মুৰব্বী আৰু বহুতো বিশ্ব সংস্থাৰ মুৰব্বী আহিব। জি-২০ সন্মিলনৰ ইতিহাসত এইটোৱেই হ’ব আটাইতকৈ ডাঙৰ অংশগ্ৰহণ। অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতে জি-২০ক অধিক সৰ্বাংগীন মঞ্চ হিচাপে গঢ়ি তুলিছে। ভাৰতৰ আমন্ত্ৰণত আফ্ৰিকান ইউনিয়নেও জি-২০ত যোগদান কৰে আৰু আফ্ৰিকাৰ জনসাধাৰণৰ কণ্ঠই বিশ্বৰ এই গুৰুত্বপূৰ্ণ মঞ্চত উপনীত হয়। বন্ধুসকল, যোৱা বছৰ বালিত ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ইমানবোৰ আলোচনা সফলভাৱে অনুষ্ঠিত হৈছে, যি আমাক গৌৰৱেৰে ভৰাই তোলে। দিল্লীৰ ডাঙৰ ডাঙৰ অনুষ্ঠানৰ পৰম্পৰাৰ পৰা বিচ্ছিন্ন হৈ আমি দেশৰ বিভিন্ন চহৰলৈ লৈ গ’লোঁ৷ ইয়াৰ সৈতে জড়িত প্ৰায় ২০০খন বৈঠক দেশৰ ৬০খন চহৰত আয়োজন কৰা হৈছিল। জি-২০ প্ৰতিনিধিসকল য’তেই গৈছে, মানুহে তেওঁলোকক উষ্ম আদৰণি জনাইছে। আমাৰ দেশৰ বৈচিত্ৰ্য আৰু আমাৰ সজীৱ গণতন্ত্ৰ দেখি এই প্ৰতিনিধিসকল অতিশয় আপ্লুত হৈছে৷ তেওঁলোকে এইটোও উপলব্ধি কৰিছিল যে ভাৰতত ইমানবোৰ সম্ভাৱনা আছে।

বন্ধুসকল, জি-২০ৰ আমাৰ অধ্যক্ষতা হৈছে জনসাধাৰণৰ অধ্যক্ষতা, য’ত জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱ অগ্ৰণী। জি-২০ৰ এঘাৰখন বৈঠক গ্ৰুপৰ ভিতৰত শৈক্ষিক, নাগৰিক সমাজ, যুৱ, মহিলা, আমাৰ সাংসদ, উদ্যোগী আৰু নগৰ প্ৰশাসনৰ সৈতে জড়িত লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোনোবা নহয় কোনোবা প্ৰকাৰে এই সন্দৰ্ভত সমগ্ৰ দেশতে আয়োজন কৰা অনুষ্ঠানসমূহত ডেৰ কোটিৰো অধিক লোক জড়িত হৈ আছে। জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে আমাৰ এই প্ৰচেষ্টাত কেৱল এটাই নহয়, দুটা বিশ্ব অভিলেখো সৃষ্টি হৈছে। বাৰাণসীত অনুষ্ঠিত জি-২০ কুইজত ৮০০খন বিদ্যালয়ৰ ১.২৫ লাখ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ এক নতুন বিশ্ব অভিলেখ ৰচনা কৰে৷ একে সময়তে লাম্বানী শিপিনীসকলেও আচৰিত কাম কৰিছিল। ৪৫০গৰাকী শিল্পীয়ে প্ৰায় ১৮০০টা ইউনিক পেচৰ এক আচৰিত সংগ্ৰহ সৃষ্টি কৰি নিজৰ দক্ষতা আৰু কাৰুকাৰ্য্য প্ৰদৰ্শন কৰিছে। জি-২০লৈ অহা প্ৰতিজন প্ৰতিনিধিয়েও আমাৰ দেশৰ কলাত্মক বৈচিত্ৰ্য দেখি আচৰিত হৈছিল। তেনে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ছুৰাটত। তাত অনুষ্ঠিত ‘শাৰী ৱাকাথন’ত ১৫খন ৰাজ্যৰ ১৫,০০০ মহিলাই অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীয়ে কেৱল ছুৰাটৰ বস্ত্ৰশিল্প উদ্যোগক এক উদ্গনি যোগোৱাইই নহয়,  'ভোকেল ফৰ লোকেল'য়েও শক্তি লাভ কৰিলে আৰু স্থানীয় সামগ্ৰীৰ বিশ্ব পৰ্যায়লৈ প্ৰসাৰ হোৱাৰ পথো প্ৰশস্ত কৰিলে। শ্ৰীনগৰত জি-২০ৰ বৈঠকৰ পাছত কাশ্মীৰত পৰ্যটকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে। সকলো দেশবাসীক জনাব বিচাৰিছো যে আহক আমি সকলোৱে মিলি জি-২০ সন্মিলন সফল কৰি দেশৰ গৌৰৱ বৃদ্ধি কৰোঁ।

মোৰ পৰিয়ালৰ সদস্যসকলে, ‘মন কী বাত’ৰ খণ্ডটোত আমি প্ৰায়ে আমাৰ নৱপ্ৰজন্মৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰোঁ। আজি ক্ৰীড়া এনে এটা ক্ষেত্ৰ য’ত আমাৰ যুৱক-যুৱতীসকলে অবিৰতভাৱে নতুন নতুন সফলতা লাভ কৰি আছে। আজি 'মন কী বাত'ত শেহতীয়াকৈ আমাৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা প্ৰতিযোগিতা এখনৰ কথা ক'ম। কিছুদিন পূৰ্বে চীনত অনুষ্ঠিত হৈছিল বিশ্ব বিশ্ববিদ্যালয় গেমছ। এইবাৰ ভাৰতৰ খেলুৱৈসকলে এই খেলসমূহত সৰ্বোত্তম প্ৰদৰ্শন কৰে। আমাৰ খেলুৱৈসকলে মুঠ ২৬টা পদক লাভ কৰিছিল, ইয়াৰে ১১টা সোণৰ পদক আছিল। আপোনালোকে জানি আনন্দিত হ’ব যে ১৯৫৯ চনৰ পৰা অনুষ্ঠিত হোৱা সকলো বিশ্ব বিশ্ববিদ্যালয় গেমছত লাভ কৰা সকলো পদক যোগ কৰিলেও এই সংখ্যা মাত্ৰ ১৮টাহে হয়। বিগত দশকবোৰত মাত্ৰ ১৮টা, আনহাতে এইবাৰ আমাৰ খেলুৱৈসকলে ২৬টা পদক লাভ কৰে। সেয়ে বিশ্ব বিশ্ববিদ্যালয় গেমছত পদক অৰ্জন কৰা একাংশ যুৱ ক্ৰীড়াবিদ, ছাত্ৰ-ছাত্ৰী বৰ্তমান মোৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে। প্ৰথমে সেইবোৰৰ বিষয়ে কওঁ। আৰ্চাৰীত পদক লাভ কৰিছে উত্তৰপ্ৰদেশৰ বাসিন্দা প্ৰগতিয়ে। অসমৰ বাসিন্দা অম্লানে এথলেটিকছত পদক লাভ কৰিছে। খোজ কঢ়া প্ৰতিযোগিতাত পদক লাভ কৰিছে উত্তৰপ্ৰদেশৰ বাসিন্দা প্ৰিয়ংকাই। মহাৰাষ্ট্ৰৰ বাসিন্দা অভিদন্যাই শ্বুটিঙত পদক লাভ কৰিছে।

মোদী জীঃ নমস্কাৰ মোৰ মৰমৰ যুৱ খেলুৱৈসকল।

তৰুণ খেলুৱৈঃ নমস্কাৰ ছাৰ।

মোদী জীঃ আপোনাৰ লগত কথা পাতি বহুত সুখী অনুভৱ কৰিছো। মই ভাৰতৰ বিশ্ববিদ্যালয়ৰ পৰা নিৰ্বাচিত প্ৰথমটো দল, আপোনালোকে ভাৰতলৈ সন্মান কঢ়িয়াই আনিছে, গতিকে আপোনালোক সকলোকে অভিনন্দন জনাইছো। বিশ্ব  বিশ্ববিদ্যালয় গেমছত আপোনাৰ প্ৰদৰ্শনে প্ৰতিজন দেশবাসীক গৌৰৱান্বিত কৰিছে। গতিকে প্ৰথমে আপোনাক বহুত বহুত অভিনন্দন জনাইছো।

প্ৰগতি, মই আপোনাৰ লগত এই কথা-বতৰা আৰম্ভ কৰিছো। প্ৰথমে কওকচোন, দুটা পদক লাভ কৰি ইয়ালৈ অহাৰ সময়ত আপুনি কি ভাবিছিল? আৰু ইমান ডাঙৰ বিজয় সাব্যস্ত কৰি আপুনি কি অনুভৱ কৰিছে?

প্ৰগতিঃ ছাৰ, মোৰ বৰ গৌৰৱ অনুভৱ হৈছিল, ইমান ভাল লাগিছিল যে মই মোৰ দেশৰ পতাকাখন ইমান উচ্চ স্থান তুলি ধৰিলো৷ ইয়ালৈ আহিছিলো যে ঠিকেই আছে যে এবাৰ স্বৰ্ণ পদকৰ বাবে যুঁজত উপনীত হৈ মই হাৰিছিলো আৰু অনুশোচনা কৰিছিলো। কিন্তু দ্বিতীয়বাৰ মনত আছিল যে এতিয়া কিবা এটা হ’লেও নিৰাশ কৰিবৱগীয়া নাই। যিকোনো ক্ষেত্ৰতে ই সৰ্বোচ্চ ঢৌৰ সৈতে আহিব লাগিব। শেষত যেতিয়া আমি যুঁজখনত জয়ী হৈছিলো, তেতিয়া আমি প’ডিয়ামতে বহুত আনন্দ উদযাপন কৰিছিলো। সেই মুহূৰ্তটো বৰ ভাল লাগিছিল। ইমানেই গৌৰৱ অনুভৱ কৰি আছিলো যে গনি শেষ কৰি নোৱাৰি৷

মোদী জীঃ প্ৰগতি, আপুনি শাৰীৰিকভাৱে ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ পৰাই আপুনি ওলাই আহিল। এইটো সঁচাকেয়ে দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক বৃহৎ প্ৰেৰণা। কি হৈছিল তোমাৰ?

প্ৰগতিঃ ছাৰ, ২০২০ চনৰ ৫ মে'ত মোৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল। মই ভেণ্টিলেটৰত আছিলো। মই বাচিম নে নাই কোনো নিশ্চয়তা নাছিল আৰু বাচিলেও কেনেকৈ জীয়াই থাকিম? কিন্তু কথাটো হ’ল ভিতৰৰ পৰাই মোৰ সাহস আছিল যে মই থিয় হৈ থাকিব লাগিব,আৰু ধনুকাঁড়ো চলাব লাগিব। যদি মোৰ জীৱন ৰক্ষা হয়, তেন্তে ভগৱানৰ ডাঙৰ হাত থাকিব, তাৰ পিছত ডাক্তৰৰ আৰু তাৰ পিছত আৰ্চাৰীৰ।

অম্লানও আমাৰ লগত আছে। অম্লান, এথলেটিকছৰ প্ৰতি ইমান আগ্ৰহ কেনেকৈ গঢ় লৈ উঠিল কওকচোন!

অম্লানঃ- হয়, নমস্কাৰ ছাৰ।

মোদী জীঃ- নমস্কাৰ! নমস্কাৰ৷

অম্লানঃ ছাৰ, আগতে এথলেটিকছৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল। আগতে আমি ফুটবলৰ প্ৰতি বেছি আকৰ্ষিত আছিলো। কিন্তু ভাইটিৰ এজন বন্ধু থকাৰ বাবে তেওঁ মোক ক’লে যে অম্লান, তুমি এথলেটিকছ প্ৰতিযোগিতাৰ বাবে যাব লাগে। গতিকে মই ভাবিছিলো ঠিক আছে, প্ৰথমে যেতিয়া মই ৰাজ্যিক পৰ্যায়ত খেলিছিলো, মই সেইটোত পৰাস্ত হৈছিলো। গতিকে হাৰি ভাল নালাগিল। এইদৰে কৰি কৰি থাকোঁতে মই এথলেটিকছৰ ক্ষেত্ৰখনত সোমাই পৰিলোঁ। তাৰ পিছত ঠিক তেনেকৈয়ে লাহে লাহে এতিয়া ভাল লাগিবলৈ ধৰিলে। তেনেকৈয়ে মোৰ আগ্ৰহ বাঢ়ি গ’ল।

মোদী জীঃ- অম্লান কওকচোন আপুনি বেছিকৈ ক'ত অনুশীলন কৰিছিল!

অম্লানঃ- বেছিভাগেই মই হায়দৰাবাদত অনুশীলন কৰিছো, চাই ৰেড্ডি চাৰৰ তত্বাৱধানত৷ তাৰ পিছত ভুৱনেশ্বৰলৈ গ’লো আৰু তাৰ পৰাই মই বৃত্তিগতভাৱে আৰম্ভ কৰিছিলো ছাৰ।

ঠিক আছে, প্ৰিয়ংকাও আমাৰ লগত আছে। প্ৰিয়ংকা, আপুনি ২০ কিলোমিটাৰ খোজকঢ়া টিমৰ অংশ আছিল। গোটেই দেশখনে আজি আপোনাৰ কথা শুনিছে আৰু তেওঁলোকে এই খেলবিধৰ বিষয়ে জানিব বিচাৰিছে। ইয়াৰ বাবে কেনেধৰণৰ দক্ষতাৰ প্ৰয়োজন হয় আপুনি কওক। আৰু আপোনাৰ কেৰিয়াৰ ক’ৰ পৰা ক’ত উপনীত হৈছে?

প্ৰিয়ংকাঃ মোৰ দৰে ইভেণ্টত বৰ কঠিন কাৰণ আমাৰ পাঁচজন বিচাৰক থিয় হৈ থাকে। আমি দৌৰীলেও আমাক বাহিৰ কৰি দিব বা ৰাস্তাৰ পৰা অলপ নামিলেও, জঁপিয়ালেও বাহিৰ কৰি দিব। বা আমি আঁঠু দুটা বেঁকা কৰিলেও আমাক বহিষ্কাৰ কৰে আৰু মোকো সতৰ্কবাণী দিয়া হ’ল। ইয়াৰ পিছত মই মোৰ গতি ইমানেই নিয়ন্ত্ৰণ কৰিলোঁ যে ক’ৰবাত ইয়াৰ পৰা হ’লেও দলীয় পদক লাভ কৰিব লাগিব। কাৰণ আমি ইয়ালৈ দেশৰ বাবে আহিছো আৰু খালী হাতে যাব নিবিচাৰো।

মোদী জীঃ হয়, আৰু দেউতা, ভাই আদি সকলো ঠিকেই আছে?

প্ৰিয়ংকাঃ হয় ছাৰ, সকলো ঠিকেই আছে, মই সকলোকে কৈছো যে আপুনি আমাক ইমান প্ৰেৰণা দিয়ে, সঁচাকৈয়ে ছাৰ, মোৰ বৰ ভাল লাগিছে, কাৰণ ভাৰতত বিশ্ব বিশ্ববিদ্যালয়ৰ দৰে গেমৰ বাবেও বেছি চাহিদা নাই, তাৰ বিষয়ে ইয়াত কোনেও নোসোধে, কিন্তু এতিয়া আমি এই খেলখনত ইমান সমৰ্থন পাইছো তাৰ অৰ্থ এইটোও যে আমি টুইট দেখিছো যে সকলোৱে টুইট কৰি আছে যে আমি ইমানবোৰ পদক লাভ কৰিছো, গতিকে অলিম্পিকৰ দৰে এইটোও, ইমান উদ্গনি পোৱাটো অতি ভাল অনুভৱ হৈছে।

মোদী দীঃ ঠিক আছে প্ৰিয়ংকা, মোৰ ফালৰ পৰা অভিনন্দন। আপুনি নিজৰ ডাঙৰ নাম বনাইছে, আহক আমি অভিদন্যৰ লগত কথা পাতোঁ।

অভিদন্য- নমস্কাৰ ছাৰ।

মোদী জীঃ আপোনাৰ কথা কওকচোন।

অভিদন্য- ছাৰ মই মহাৰাষ্ট্ৰৰ কলহাপুৰ প্ৰপাৰৰ, শ্বুটিঙত ২৫ মিটাৰ স্পৰ্টছ পিষ্টল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল দুয়োটা ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰো। মোৰ মা-দেউতা দুয়োজনেই হাইস্কুলৰ শিক্ষক, গতিকে ২০১৫ চনত শ্বুটিং আৰম্ভ কৰিলোঁ। শ্বুটিং আৰম্ভ কৰাৰ সময়ত কলহাপুৰত ইমান সুবিধা নাছিল।বদগাঁৱৰ পৰা বাছেৰে কলহাপুৰলৈ যাবলৈ ডেৰ ঘণ্টা সময় লাগে, তাৰ পিছত উভতি আহিবলৈ ডেৰ ঘণ্টা সময় লাগে আৰু চাৰি ঘণ্টাৰ প্ৰশিক্ষণ, গতিকে এনেকৈয়ে, ৬-৭ ঘণ্টাৰ প্ৰয়োজন হয়। আগতে প্ৰশিক্ষণৰ বাবে অহা যোৱা কৰিছিলো বাবে মইও মোৰ স্কুলখন মিছ কৰিছিলোঁ, তাৰ পিছত মামী-পাপাই কৈছিল যে বাবু, এটা কাম কৰা, আমি তোমাক শনিবাৰ-দেওবাৰে শ্বুটিং ৰেঞ্জলৈ লৈ যাম আৰু... বাকী সময় তুমি অন্য খেল খেলা। গতিকে মই শৈশৱত বহুত খেল খেলিছিলো, কাৰণ মোৰ মা-দেউতা দুয়োজনেই খেলৰ প্ৰতি অতি আগ্ৰহী আছিল, কিন্তু তেওঁলোকে একো কৰিব পৰা নাছিল, আৰ্থিক সহায় ইমান নাছিল আৰু ইমান তথ্য নাছিল, গতিকে মাৰ এটা... ডাঙৰ সপোন। ধাৰণাটো আছিল যে মই দেশক প্ৰতিনিধিত্ব কৰিব লাগে আৰু তাৰ পিছত দেশৰ বাবেও পদক লাভ কৰিব লাগে। গতিকে তেওঁৰ সপোন পূৰণ কৰিবলৈ মই সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিছিলো আৰু তাৰ পিছত মই টাইকোৱাণ্ডোও শিকিছো, তাতো মই এজন ব্লেক বেল্ট আৰু বক্সিং, জুডো আৰু ফেন্সিংৰ দৰে বহু খেল খেলাৰ পিছত আৰু থ্ৰ’ৰ বিষয়ে আলোচনা কৰিলো, মই মই শ্বুটিঙতো আছিলো। তাৰ পিছত ২-৩ বছৰ ধৰি বহুত সংগ্ৰাম কৰিলোঁ আৰু প্ৰথমবাৰৰ বাবে মালয়েছিয়াত ইউনিভাৰ্চিটি8 চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হ’লোঁ আৰু তাত ব্ৰঞ্জৰ পদক পালোঁ, আচলতে তাৰ পৰাই উদ্গনি পালোঁ। তাৰ পিছত মোৰ স্কুলে মোৰ বাবে শ্বুটিং ৰেঞ্জ বনাইছিল, তাৰ পিছত মই তাত প্ৰশিক্ষণ লৈছিলো আৰু তাৰ পিছত তেওঁলোকে মোক প্ৰশিক্ষণৰ বাবে পুনেলৈ পঠিয়াই দিছিল। তাত গান ফৰ গ্লৰী শীৰ্ষক গগন নাৰং স্পৰ্টছ ফাউণ্ডেচন আছে৷ গতিকে মই ইয়াৰ অধীনত প্ৰশিক্ষণ লৈছো, এতিয়া গগন ছাৰে মোক বহুত সহায় কৰিছে আৰু মোৰ খেলৰ বাবে প্ৰচাৰ কৰিছে।

মোদী জীঃ ঠিক আছে, আপোনালোক চাৰিওজনে যদি মোক কিবা এটা ক’ব বিচাৰে, মই শুনিব বিচাৰো। প্ৰগতি, অম্লান, প্ৰিয়ংকা, অভিদন্য সকলোৱে। আপোনালোক সকলো মোৰ লগত জড়িত, গতিকে কিবা ক’ব বিচাৰিলে মই নিশ্চয় শুনিম।

অম্লানঃ- ছাৰ মোৰ এটা প্ৰশ্ন আছে।

মোদী জীঃ- হয়।

অম্লানঃ- আপুনি কোনটো খেল বেছি ভাল পায়?

মোদী জী :- ভাৰতে ক্ৰীড়াৰ জগতখনত বহুত উজ্বলি উঠিব লাগে আৰু সেইবাবেই মই এইবোৰক বহুত প্ৰচাৰ কৰিছো, কিন্তু হকী, ফুটবল, কাবাডী, খো-খো, এইবোৰ আমাৰ মাটিৰ লগত জড়িত খেল, ইয়াত আমি কৰিব লাগিব আমি পিছ পৰি থকা উচিত নহয় আৰু মই দেখিছোঁ যে আমাৰ মানুহে ধনুৰ্বিদ আৰু শ্বুটিঙত ভাল ফলাফল দেখুৱাইছে। আৰু দ্বিতীয়তে, মই দেখিছোঁ যে আমাৰ যৌৱনকালত আনকি আমাৰ পৰিয়ালতো খেলৰ প্ৰতি কোনো অনুভৱ নাই যিটো আগতে আছিল। আগতে যেতিয়া এটি শিশু খেলিবলৈ গৈছিল, তেতিয়া তেওঁলোকে বন্ধ কৰি দিছিল আৰু এতিয়া, বহুত সলনি হৈছে আৰু আপোনালোকে যি সফলতা লাভ কৰি আহিছে, সেই সফলতাই সকলো পৰিয়ালকে প্ৰেৰণা দিয়ে। প্ৰতিখন খেলতে আমাৰ ল’ৰা-ছোৱালী য’লৈ গৈ থাকে, দেশৰ বাবে কিবা নহয় কিবা এটা কৰি ঘূৰি আহে। আৰু আজি এই খবৰবোৰ দেশত বিশিষ্টভাৱে দেখুওৱা হৈছে, বিদ্যালয়-মহাবিদ্যালয়ত কোৱা হৈছে আৰু আলোচনা কৰা হৈছে। যাব দিয়ক! বহুত ভাল লাগিল। মোৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত অভিনন্দন। বহুত শুভকামনা৷

তৰুণ খেলুৱৈঃ- বহুত বহুত ধন্যবাদ! ধন্যবাদ ছাৰ! ধন্যবাদ৷

মোদী জী:- ধন্যবাদ! নমস্কাৰ৷

 

মোৰ পৰিয়ালৰ সদস্যসকল, এইবাৰ ১৫ আগষ্টত দেশত দেখা গ’ল ‘সবকা প্ৰয়াস’ৰ শক্তি। সকলো দেশবাসীৰ প্ৰচেষ্টাই ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ক প্ৰকৃততে ‘হৰ মন ত্ৰিৰংগা অভিযান’ কৰি তুলিলে। এই অভিযানৰ সময়তো বহু অভিলেখ গঢ়ি উঠিছিল। দেশবাসীয়ে কোটি কোটিত ত্ৰিৰংগা কিনিলে। ডেৰ লাখ ডাকঘৰৰ জৰিয়তে প্ৰায় ডেৰ কোটি ত্ৰিৰংগা বিক্ৰী হৈছিল। ইয়াৰ বাবে আমাৰ শ্ৰমিক, শিপিনী আৰু বিশেষকৈ মহিলাসকলেও শ শ কোটি টকা উপাৰ্জন কৰিছে। এইবাৰ দেশবাসীয়ে ত্ৰিৰংগাৰ সৈতে ছেলফি পোষ্ট কৰাৰ নতুন অভিলেখ গঢ়ি তুলিছে। যোৱা বছৰ ১৫ আগষ্টলৈকে প্ৰায় ৫ কোটি দেশবাসীয়ে ত্ৰিৰংগাৰ সৈতে ছেলফি পোষ্ট কৰিছিল। এইবাৰ এই সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে।

বন্ধুসকল, বৰ্তমান সময়ত দেশত দেশপ্ৰেমৰ মনোভাৱ 'মেৰী মাটি, মেৰা দেশ'ক উজ্জ্বল কৰি তোলাৰ অভিযান পূৰ্ণগতিত চলি আছে। ছেপ্টেম্বৰ মাহত দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো ঘৰৰ পৰা মাটি সংগ্ৰহৰ অভিযান আৰম্ভ হ’ব। দেশৰ পবিত্ৰ মাটি হাজাৰ হাজাৰ অমৃতৰ কলহত জমা হ’ব। অক্টোবৰৰ শেষৰ ফালে অমৃত কলহ যাত্ৰাৰ জৰিয়তে হাজাৰ হাজাৰ লোকে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হ’ব। এই মাটিৰ পৰা অমৃত বাটিকা নিৰ্মাণ কৰা হ’ব কেৱল দিল্লীত। মই নিশ্চিত, প্ৰতিজন দেশবাসীৰ প্ৰচেষ্টাই এই অভিযান সফল কৰি তুলিব।

মোৰ পৰিয়ালৰ সদস্যসকল, এইবাৰ সংস্কৃত ভাষাত বহু চিঠি পাইছো। ইয়াৰ কাৰণ হ'ল শাওন মাহৰ পূৰ্ণিমা দিনা বিশ্ব সংস্কৃত দিৱস পালন কৰা হয়।

সৰ্বভ্য: বিশ্ব-সংস্কৃত-দিৱস, আন্তৰিক: শুভেচ্ছা:

বিশ্ব সংস্কৃত দিৱসত আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি সকলোৱে জানো যে সংস্কৃত ভাষা পৃথিৱীৰ অন্যতম পুৰণি ভাষা।ইয়াক বহু আধুনিক ভাষাৰ মাতৃ বুলিও কোৱা হয়। সংস্কৃত প্ৰাচীনতাৰ লগতে বৈজ্ঞানিকতা আৰু ব্যাকৰণৰ বাবেও পৰিচিত। ভাৰতৰ প্ৰাচীন জ্ঞানৰ বহুখিনি সংস্কৃত ভাষাত সহস্ৰাধিক বছৰ ধৰি সংৰক্ষিত হৈ আছে। যোগ, আয়ুৰ্বেদ, দৰ্শন আদি বিষয়ত গৱেষণা কৰা লোকসকলে এতিয়া অধিক সংস্কৃত শিকিবলৈ আৰম্ভ কৰিছে। বহু অনুষ্ঠান-প্ৰতিষ্ঠানেও এই দিশত অতি ভাল কাম কৰি আছে। উদাহৰণস্বৰূপে সংস্কৃত প্ৰমোচন ফাউণ্ডেচনে যোগৰ বাবে সংস্কৃত, আয়ুৰ্বেদৰ বাবে সংস্কৃত আৰু বৌদ্ধ ধৰ্মৰ বাবে সংস্কৃত আদি বহুতো পাঠ্যক্ৰম পৰিচালনা কৰে। 'সংস্কৃত ভাৰতী'য়ে ৰাইজক সংস্কৃত শিকোৱাৰ বাবে এক অভিযান চলায়। ইয়াত আপুনি ১০ দিনীয়া 'সংস্কৃত কথোপকথন শিবিৰ'ত অংশগ্ৰহণ কৰিব পাৰিব। মই সুখী যে আজি ৰাইজৰ মাজত সংস্কৃতৰ প্ৰতি সচেতনতা আৰু গৌৰৱৰ ভাৱ বাঢ়িছে। ইয়াৰ আঁৰত বিগত বছৰবোৰত দেশৰ বিশেষ অৱদানো আছে। উদাহৰণস্বৰূপে, ২০২০ চনত তিনিখন সংস্কৃত গণিত বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। সংস্কৃত বিশ্ববিদ্যালয়ৰ বহু মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানো বিভিন্ন চহৰত চলি আছে। আইআইটি আৰু আইআইএমৰ দৰে প্ৰতিষ্ঠানত সংস্কৃত কেন্দ্ৰসমূহ অতি জনপ্ৰিয় হৈ পৰিছে।

বন্ধুসকল, প্ৰায়ে আপোনালোকে নিশ্চয় এটা কথা অনুভৱ কৰিছে, শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ, আমাৰ সংস্কৃতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ, আমাৰ পৰম্পৰা এটা অতি শক্তিশালী মাধ্যম–আমাৰ মাতৃভাষা। যেতিয়া আমি আমাৰ মাতৃভাষাৰ লগত সংযোগ স্থাপন কৰো, তেতিয়া আমি স্বয়ংক্ৰিয়ভাৱে আমাৰ সংস্কৃতিৰ লগত সংযোগ স্থাপন কৰো। আহক, আমি আমাৰ আচাৰ-অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰোঁ, আমাৰ পৰম্পৰাৰ সৈতে সংযোগ স্থাপন কৰোঁ, আমাৰ প্ৰাচীন ভব্য মহিমাৰ সৈতে সংযোগ স্থাপন কৰোঁ। একেদৰে ভাৰতৰ আন এক মাতৃভাষা আছে সেয়া হৈছে গৌৰৱময় তেলেগু ভাষা। ২৯ আগষ্টৰ দিনটো তেলেগু দিৱস হিচাপে পালন কৰা হ’ব।

अन्दरिकी तेलुगू भाषा दिनोत्सव शुभाकांक्षलु।

তেলেগু ভাষা দিৱস উদযাপন উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ।

সকলোকে তেলেগু দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ভাৰতীয় সংস্কৃতিৰ বহু অমূল্য ৰত্ন তেলেগু ভাষাৰ সাহিত্য আৰু ঐতিহ্যত লুকাই আছে। তেলেগুৰ এই ঐতিহ্যৰ সুফল যাতে সমগ্ৰ দেশে লাভ কৰে তাৰ বাবেও বহু প্ৰচেষ্টা চলোৱা হৈছে।

মোৰ পৰিয়ালৰ সদস্যসকল, আমি ‘মন কী বাত’ৰ বহু খণ্ডত পৰ্যটনৰ কথা পাতিছো। বস্তু বা ঠাইবোৰ ব্যক্তিগতভাৱে দেখা, বুজি পোৱা আৰু কেইটামান মুহূৰ্তৰ বাবে জীয়াই থকাটোৱে এক বেলেগ অভিজ্ঞতা দিয়ে।

কোনোবাই সাগৰক যিমানেই বৰ্ণনা নকৰক কিয়, আমি সাগৰখন নেদেখিলে ইয়াৰ বিশালতা অনুভৱ কৰিব নোৱাৰো। হিমালয়ৰ কথা যিমানেই নকওক কিয়, হিমালয় পৰ্বত নেদেখিলে আমি ইয়াৰ সৌন্দৰ্য্যৰ মূল্যায়ন কৰিব নোৱাৰো। সেইবাবেই মই আপোনালোক সকলোকে প্ৰায়ে আহ্বান জনাইছো যে যেতিয়াই আমি সুযোগ পাওঁ তেতিয়াই আমি আমাৰ দেশৰ সৌন্দৰ্য্য আৰু বৈচিত্ৰ্য চাবলৈ যাব লাগে। প্ৰায়ে আমি আৰু এটা কথাও দেখিবলৈ পাওঁ, যদিও আমি পৃথিৱীৰ প্ৰতিটো চুক-কোণত বিচাৰি পাওঁ, কিন্তু আমি নিজৰ চহৰ বা ৰাজ্যখনৰ বহুতো উত্তম ঠাই আৰু বস্তুৰ বিষয়ে নাজানো।

 

বহু সময়ত এনেকুৱা হয় যে মানুহে নিজৰ চহৰৰ ঐতিহাসিক স্থানৰ বিষয়ে বিশেষ একো নাজানে। ধনপাল জীৰ লগতো তেনেকুৱা এটা ঘটনা ঘটিছিল। ধনপাল জীয়ে আগতে বাংগালুৰুৰ পৰিবহণ কাৰ্যালয়ত চালক হিচাপে কাম কৰিছিল। প্ৰায় ১৭ বছৰ আগতে তেওঁ ছাইট ছিইম উইঙত দায়িত্ব পাইছিল। বৰ্তমান ইয়াক বেংগালুৰু দৰ্শনী নামেৰে জনা যায়। ধনপাল জীয়ে চহৰৰ বিভিন্ন পৰ্যটনস্থলীলৈ পৰ্যটকক লৈ গৈছিল। তেনে এক ভ্ৰমণত এজন পৰ্যটকে তেওঁক সুধিলে যে বাংগালুৰুৰ টেংকটোক কিয় চেংকি টেংক বুলি কোৱা হয়। তাৰ উত্তৰটো নাজানিলে তাৰ বৰ বেয়া লাগিল। এনে পৰিস্থিতিত তেওঁ নিজৰ জ্ঞান বৃদ্ধিত মনোনিৱেশ কৰিছিল। নিজৰ ঐতিহ্য জানিবৰ এই আবেগত তেওঁ বহুতো শিল আৰু শিলালিপি পাইছিল। ধনপাল জীৰ মন এই কামত ইমানেই নিমগ্ন হৈ পৰিছিল যে তেওঁ এপিগ্ৰাফী অৰ্থাৎ শিলালিপিৰ সৈতে জড়িত বিষয়টোৰ ডিপ্লমাও কৰিছিল। যদিও তেওঁ এতিয়া অৱসৰ গ্ৰহণ কৰিছে, তথাপিও তেওঁৰ বেংগালুৰুৰ ইতিহাস অন্বেষণ কৰাৰ আবেগ জীয়াই আছে।

বন্ধুসকল, ব্রায়ান ডি খাৰপ্ৰানৰ কথা ক’বলৈ পাই মই বৰ আনন্দিত হৈছো। মেঘালয়ৰ বাসিন্দা তেওঁৰ স্পেলিঅ’লজিৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে। সহজ ভাষাত ইয়াৰ অৰ্থ–গুহাৰ অধ্যয়ন। বছৰ বছৰ আগতে তেওঁৰ মনত এই আগ্ৰহৰ সৃষ্টি হৈছিল যেতিয়া তেওঁ বহু গল্পৰ কিতাপ পঢ়িছিল। ১৯৬৪ চনত তেওঁ স্কুলীয়া ল’ৰা হিচাপে প্ৰথম অন্বেষণ কৰে। ১৯৯০ চনত তেওঁ বন্ধুৰ সৈতে এটা সংঘ স্থাপন কৰে আৰু ইয়াৰ জৰিয়তে তেওঁ মেঘালয়ৰ অচিনাকি গুহাবোৰৰ বিষয়ে জানিবলৈ আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁ নিজৰ দলৰ সৈতে মেঘালয়ৰ ১৭০০ৰো অধিক গুহা আৱিষ্কাৰ কৰি ৰাজ্যখনক বিশ্ব গুহা মানচিত্ৰত স্থান দিলে। ভাৰতৰ কিছুমান দীঘল আৰু গভীৰ গুহা মেঘালয়ত আছে। ব্রায়ান ডি আৰু তেওঁৰ দলটোৱে গুহা প্রাণী অৰ্থাৎ গুহাটোৰ সেই জীৱবোৰৰ নথিভুক্ত কৰিছে, যিবোৰ পৃথিৱীৰ আন ক’তো পোৱা নাযায়৷ এই সমগ্ৰ দলটোৰ প্ৰচেষ্টাক শলাগ লৈছো, লগতে আপোনালোকক মেঘালয়ৰ গুহা পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিবলৈ আহ্বান জনাইছো।

মোৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৱে জানে যে দুগ্ধ খণ্ড আমাৰ দেশৰ অন্যতম গুৰুত্বপূৰ্ণ খণ্ড। আমাৰ মাতৃ-ভগ্নীসকলৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিবলৈ ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে গুজৰাটৰ বানাছ ডেইৰীৰ এটা আকৰ্ষণীয় পদক্ষেপৰ বিষয়ে জানিব পাৰিলোঁ। কলৰ দুগ্ধক এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ দুগ্ধ প্ৰতিষ্ঠান বুলি গণ্য কৰা হয়। গড়ে ইয়াত প্ৰতিদিনে ৭৫ লাখ লিটাৰ গাখীৰ সংসাধন কৰা হয়। ইয়াৰ পিছত ইয়াক আন ৰাজ্যলৈও প্ৰেৰণ কৰা হয়। এতিয়ালৈকে আন ৰাজ্যলৈ গাখীৰ সময়মতে ডেলিভাৰীৰ বাবে টেংকাৰ বা গাখীৰৰ ৰে’ল ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াতো কম প্ৰত্যাহ্বান নাছিল। প্ৰথমতে, আগতে লোডিং আৰু আনলোডিং কৰাত বহুত সময় লাগে আৰু বহু সময়ত গাখীৰও তাত নষ্ট হৈ গৈছিল। এই সমস্যা দূৰ কৰিবলৈ ভাৰতীয় ৰে’লৱেই এটা নতুন পৰীক্ষা কৰিলে। পালানপুৰৰ পৰা নতুন ৰেৱাৰীলৈ ৰে’লৱেই ট্ৰাক অন ট্ৰেক সুবিধা আৰম্ভ কৰিলে। ইয়াত গাখীৰৰ ট্ৰাক পোনপটীয়াকৈ ৰে’লত লগাই দিয়া হয়। অৰ্থাৎ যাতায়তৰ প্ৰধান সমস্যাটো ইয়াৰ দ্বাৰা আঁতৰি গ’ল। ট্ৰাক অন ট্ৰেক সুবিধাৰ ফলাফল অতি সন্তোষজনক হৈছে। আগতে যিখিনি গাখীৰ পোৱাত ৩০ ঘণ্টা সময় লাগিছিল, এতিয়া আধাতকৈও কম সময়ৰ ভিতৰতে পোৱা গৈছে। ইয়াৰ বাবে য’ত ইন্ধনৰ ফলত হোৱা প্ৰদূষণ ৰোধ হৈছে, তাত ইন্ধনৰ খৰচো ৰাহি হয়। ট্ৰাক চালকসকলেও ইয়াৰ পৰা বহু উপকৃত হৈছে, তেওঁলোকৰ জীৱনটো সহজ হৈ পৰিছে।

বন্ধুসকল, সামূহিক প্ৰচেষ্টাৰে আজি আমাৰ ডেইৰীবোৰো আধুনিক চিন্তাধাৰাৰে আগবাঢ়িছে। বানাচ ডেইৰীয়েও পৰিৱেশ সুৰক্ষাৰ দিশত কেনেদৰে এখোজ আগবাঢ়িছে সেয়া ছিডেবল গছপুলি ৰোপণ অভিযানৰ জৰিয়তে জনা যায়। বাৰাণসী দুগ্ধ ইউনিয়নে আমাৰ দুগ্ধ পালকসকলৰ আয় বৃদ্ধিৰ বাবে গোবৰ ব্যৱস্থাপনাৰ কাম কৰি আছে। কেৰালাৰ মালাবাৰ দু্গ্ধ ইউনিয়ন ডেইৰীৰ এই প্ৰচেষ্টাও অতি অনন্য। তেওঁলোক পশুৰ ৰোগৰ চিকিৎসাৰ বাবে আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰাত নিয়োজিত।

বন্ধুসকল, আজি বহু লোক আছে যি দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰি বৈচিত্ৰ্যতা সৃষ্টি কৰিছে। ৰাজস্থানৰ কোটাত দুগ্ধ পাম চলাই থকা অমনপ্ৰীত সিঙৰ বিষয়েও আপোনালোকে নিশ্চয় জানে। দুগ্ধ উদ্যোগৰ লগতে তেওঁ বায়’গেছৰ ওপৰতো গুৰুত্ব আৰোপ কৰি দুটা বায়’গেছ প্লাণ্ট স্থাপন কৰে। ইয়াৰ বাবে তেওঁলোকৰ বিদ্যুতৰ ব্যয় প্ৰায় ৭০ শতাংশ হ্ৰাস পাইছে। তেওঁৰ এই প্ৰচেষ্টাই সমগ্ৰ দেশৰ দুগ্ধ পালকসকলক অনুপ্ৰাণিত কৰিছে। আজি বহুতো ডাঙৰ ডাঙৰ ডেইৰীয়ে বায়’গেছৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ধৰণৰ সমূদায় চালিত মূল্য সংযোজন অতি উত্তেজনাপূৰ্ণ। মই নিশ্চিত যে সমগ্ৰ দেশতে এনে ধাৰা অব্যাহত থাকিব।

মোৰ পৰিয়ালৰ সদস্যসকল, আজিৰ মন কী বাট ইমানে৷ এতিয়া উৎসৱৰ বতৰো আহিল। আগতীয়াকৈ আপোনালোক সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ। উদযাপনৰ সময়ত আমি ভোকেল ফৰ লোকলৰ মন্ত্ৰটোও মনত ৰাখিব লাগিব। ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এই অভিযান প্ৰতিজন দেশবাসীৰ অভিযান। আৰু যেতিয়া উৎসৱৰ পৰিৱেশ হয় তেতিয়া আমাৰ বিশ্বাসৰ ঠাইবোৰ আৰু ইয়াৰ চাৰিওফালে থকা অঞ্চলবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, কিন্তু সেয়া সদায়েই হ’ব লাগে৷ অহাবাৰ আকৌ 'মন কী বাত'ত কেতবোৰ  নতুন বিষয় লৈ লগ পাম। আমি দেশবাসীৰ কিছু নতুন প্ৰচেষ্টা আৰু তেওঁলোকৰ সফলতাৰ বিষয়ে আলোচনা কৰিম। এতিয়ালৈ অনুষ্ঠান সামৰিছো৷ আপোনালোক সকলোকে অশেষ ধন্যবাদ৷

নমস্কাৰ৷

 

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।