প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে
প্ৰধানমন্ত্ৰীয়ে চৰকাৰক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে
সাহায্য ব্যৱস্থাপনাৰ তদাৰক কৰিবলৈ আৰু নশ্বৰ দেহৰ দ্ৰুত প্ৰত্যাৱৰ্তনৰ সুবিধাৰ বাবে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে কুৱেইট ভ্ৰমণ কৰিব
প্ৰধানমন্ত্ৰী সাহায্য নিধিৰ পৰা মৃত ভাৰতীয় নাগৰিকসকলৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰেপ্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত আজি কুৱেইটত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাসন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। উক্তঘটনাত কেইবাজনো ভাৰতীয় নাগৰিকৰ মৃত্যু হয় আৰু বহুলোক আহত হয়।

 

প্ৰধানমন্ত্ৰীয়ে দুৰ্ভাগ্যজনক ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ আঘাতপ্ৰাপ্ত সকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াব লাগে বুলি নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰীয়েবৈদেশিক পৰিক্ৰমাবিভাগৰ ৰাজ্যিক মন্ত্ৰীক তৎক্ষণাৎ কুৱেইটলৈ যাত্ৰা কৰাৰো নিৰ্দেশ দিয়ে যাতে সাহায্য ব্যৱস্থাৰ তত্বাৱধান কৰিব পাৰে আৰু নশ্বৰ দেহবোৰ দ্ৰুতগতিত প্ৰত্যাৱৰ্তন কৰাত সহায় কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মৃত ভাৰতৰ নাগৰিকসকলৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান প্ৰদানৰ কথা ঘোষণা কৰেপ্ৰধানমন্ত্ৰীয়ে।

 

বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কীৰ্তিবৰ্ধন সিং, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী প্ৰমোদ কুমাৰ মিশ্ৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভাল, বৈদেশিক সচিব শ্ৰী বিনয় কোৱাট্ৰা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PM Modi hails diaspora in Kuwait, says India has potential to become skill capital of world

Media Coverage

PM Modi hails diaspora in Kuwait, says India has potential to become skill capital of world
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 ডিচেম্বৰ 2024
December 21, 2024

Inclusive Progress: Bridging Development, Infrastructure, and Opportunity under the leadership of PM Modi