আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত বিএছএফৰ বিষয়া-জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিগৰাকী বিএছএফ বিষয়া-জোৱানলৈ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ বিএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছো। এই বাহিনীটোৱে সদায়েই অতি বীৰত্বৰে, সাহসেৰে আমাৰ সীমা সুৰক্ষা দি আহিছে। প্ৰাকৃতিক দুৰ্যোগ আৰু দেশৰ সংকটকালীন সময়ছোৱাতো বিএছএফৰ জোৱান-বিষয়াসকলে সদায়েই কঠোৰ পৰিশ্ৰমেৰে আমাৰ দেশৰ নাগৰিকলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। বিএছএফ পৰিয়াললৈ মোৰ আন্তৰিক শুভেচ্ছা!”
Greetings to all BSF personnel and their families on BSF’s Raising Day. This force has been diligently protecting our borders. During natural disasters and crisis situations, BSF personnel have always worked hard to serve our citizens.
— Narendra Modi (@narendramodi) December 1, 2019
Best wishes to the BSF family!